top of page

বন্যপ্রাণী সংৰক্ষণত জিনীয় অধ্যয়ণৰ ভূমিকা

ডঃ প্ৰাঞ্জল কুমাৰ দাস


ফটো-উদয়ন বৰঠাকুৰ

জৈৱ-বৈচিত্ৰ্যই আমি বাস কৰা পৃথিৱীখনক এক সুকীয়া পৰিচয় প্ৰদান কৰে৷ ই পৃথিৱীৰ জৈৱিক সংগঠনৰ (Biological Organization) বিভিন্ন স্তৰত (মূলতঃ জিনীয়, প্ৰজাতিগত আৰু পৰিস্থিতিতান্ত্ৰিক) উপলব্ধ প্ৰকৃতিৰ সংৰচনাত্মক (Structural) তথা ক্ৰিয়াত্মক (Functional) বিবিধতাক সূচায়৷ সহজ ভাবে কবলৈ গ’লে জৈৱ-বৈচিত্ৰ হৈছে জীৱ জগতত দেখিবলৈ পোৱা ভিন্নতা৷


আমাৰ চাৰিওপাশে সদায় আমি বিভিন্ন প্ৰজাতিৰ কীট- পতঙ্গ, জীৱ- জন্তু, চৰাই- চিৰিকতি, গছ ইত্যাদি প্ৰত্যক্ষ কৰো৷ পৃথিৱীত আমাৰ দৰেই বাৰু কিমান প্ৰজাতিৰ জীৱই বাস কৰে? সম্ভৱতঃ বিজ্ঞানৰ মূলভূত প্ৰশ্ন সমূহৰ ভিতৰত ইয়েই হৈছে অন্যতম৷ অতীজৰে পৰা জীৱবিদ সকলে পৃথিৱীত বাস কৰা বিভিন্ন প্ৰজাতিৰ জীৱসমূহৰ বিষয়ে অনুসন্ধান কৰি আহিছে৷ এনে অধ্যয়ন সমূহৰ যোগেদি জীৱজগত সৰ্ম্পকে মানুহে যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে যদিও পৃথিৱীত কিমান প্ৰজাতিৰ জীৱ আছে তাৰ সঠিক সংখ্যা আজিও নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই৷ বিশেষজ্ঞ সকলৰ মতামত অনুসৰি পৃথিৱীত হয়তো ৩ ৰ পৰা ১০০ নিযুত প্ৰজাতিৰ জীৱই বাস কৰে৷ ২০১৩ চনত কৰা এক প্ৰাককলন অনুসৰি পৃথিৱীত প্ৰায় ৮.৭ নিযুত (Million) সংখ্যক প্ৰজাতিৰ সংকোষকেন্দ্ৰীয় জীৱই (Eukaryotic Organism) বাস কৰে৷ আনহাতেদি, ২০১৬ চনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি পৃথিৱীত বাস কৰা অণুজীৱ (Microorganism) সমূহৰ প্ৰাককলিত প্ৰজাতিৰ সংখ্যা প্ৰায় ১ ত্ৰিলিয়ন (Trillion, 1012)৷ অৱশ্য, এই প্ৰাককলিত সংকোষকেন্দ্ৰীয় জীৱ তথা অণুজীৱ সমূহৰ ভিতৰত মাত্ৰ ১.৬ নিযুত প্ৰজাতিৰ জীৱহে বৰ্তমানলৈকে আৱিষ্কৃত হৈছে৷


পৃথিৱীত আমাৰ দৰেই বাৰু কিমান প্ৰজাতিৰ জীৱই বাস কৰে? সম্ভৱতঃ বিজ্ঞানৰ মূলভূত প্ৰশ্ন সমূহৰ ভিতৰত ইয়েই হৈছে অন্যতম৷ অতীজৰে পৰা জীৱবিদ সকলে পৃথিৱীত বাস কৰা বিভিন্ন প্ৰজাতিৰ জীৱসমূহৰ বিষয়ে অনুসন্ধান কৰি আহিছে৷ এনে অধ্যয়ন সমূহৰ যোগেদি জীৱজগত সৰ্ম্পকে মানুহে যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছে যদিও পৃথিৱীত কিমান প্ৰজাতিৰ জীৱ আছে তাৰ সঠিক সংখ্যা আজিও নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই৷ বিশেষজ্ঞ সকলৰ মতামত অনুসৰি পৃথিৱীত হয়তো ৩ ৰ পৰা ১০০ নিযুত প্ৰজাতিৰ জীৱই বাস কৰে৷ ২০১৩ চনত কৰা এক প্ৰাককলন অনুসৰি পৃথিৱীত প্ৰায় ৮.৭ নিযুত (Million) সংখ্যক প্ৰজাতিৰ সংকোষকেন্দ্ৰীয় জীৱই (Eukaryotic Organism) বাস কৰে৷ আনহাতেদি, ২০১৬ চনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি পৃথিৱীত বাস কৰা অণুজীৱ (Microorganism) সমূহৰ প্ৰাককলিত প্ৰজাতিৰ সংখ্যা প্ৰায় ১ ত্ৰিলিয়ন (Trillion, 1012)৷ অৱশ্য, এই প্ৰাককলিত সংকোষকেন্দ্ৰীয় জীৱ তথা অণুজীৱ সমূহৰ ভিতৰত মাত্ৰ ১.৬ নিযুত প্ৰজাতিৰ জীৱহে বৰ্তমানলৈকে আৱিষ্কৃত হৈছে৷


পৃথিৱীত বাস কৰা প্ৰত্যেক জীৱই পৰিস্থিতিতন্ত্ৰত (Ecosystem) এক বিশেষ ভূমিকা পালন কৰে৷ উদাহৰণ স্বৰূপে, কিছুমান জীৱই বিভিন্ন উৎসৰ পৰা পোৱা শক্তিক ৰূপান্তৰিত কৰাত সহায় কৰে৷ আন কিছুমান জীৱই পোষকদ্ৰব্যৰ (Nutrient) সঞ্চয় তথা পোষকদ্ৰব্য সমূহক পুনঃব্যৱহাৰৰ উপযোগী কৰাত সহায় কৰে৷ কিছুমান জীৱই আকৌ মাটিৰ ঊৰ্বৰতা শক্তি বৃদ্ধি কৰে৷ আনহাতেদি, কোনো কোনো জীৱই পৰিবেশ প্ৰদূষণৰ কাৰক সমূহক নিৰ্মূল কৰি প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে৷ অতিজৰে পৰা মানৱ প্ৰজাতিয়ে খাদ্য, ইন্ধনকে আদি কৰি জীয়াই থাকিবৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন সম্পদৰ কাৰণে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল৷ উদাহৰণ স্বৰূপে, পৃথিৱীত থকা প্ৰায় ২৫০,০০০ পৰা ৩০০,০০০ সংখ্যক উদ্ভিদৰ প্ৰজাতিক মানুহে খাদ্যৰ উৎস হিচাবে ব্যৱহাৰ কৰে৷ একেদৰেই, বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহৃত ঔষধৰ বাবে মনুহে অণুজীৱ তথা উদ্ভিদকে আদি কৰি বিভিন্ন প্ৰাকৃতিক উৎসৰ ওপৰত নিৰ্ভৰ কৰে৷ তথ্য অনুসৰি পৃথিৱীত ব্যৱহৃত ঔষধ সমূহৰ প্ৰায় ৬৪% প্ৰাকৃতিক উৎসৰ পৰা বিকশিত কৰা হয়৷


বিজ্ঞানৰ অগ্ৰগতিয়ে বিগত দুটা শতিকাত মানৱ সভ্যতাক প্ৰগতিৰ নতুন উচ্চতা প্ৰদান কৰিছে৷ সচৰাচৰ আমি এই কথা অনুভৱ নকৰিলেও, মানৱ সভ্যতাৰ প্ৰগতিৰ সৈতে জড়িত বিভিন্ন কাৰকে প্ৰত্যক্ষ বা পৰোক্ষ ভাবে মানৱ প্ৰজাতিকে ধৰি পৃথিৱীত বাস কৰা বিভিন্ন প্ৰজাতিৰ জীৱৰ প্ৰতি ভাবুকিৰ সৃস্টি কৰিছে৷ নগৰীকৰণ, ঔদ্যোগীক বিস্তাৰ, প্ৰদূষণ, গোলকীয় উঞ্চতাৰ বৃদ্ধি, অৰণ্য এলেকাক কৃষিভূমিলৈ ৰূপান্তৰণ, প্ৰাকৃতিক উৎসৰ অত্যাধিক ব্যৱহাৰ আদি এনে কাৰক সমূহৰ ভিতৰত অন্যতম৷ ফলস্বৰূপে জীৱকূলে বসবাস কৰা বাসস্থানসমূহৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে বাসস্থানসমূহৰ আকাৰ হ্রাস হৈ আহিছে। সমান্তৰালভাবে, বিশ্বৰ বিভিন্ন প্ৰান্তত সম্পন্ন বৈজ্ঞানিক অধ্যয়ণ সমূহৰ পৰা দেখা গৈছে যে মানবসৃষ্ট কাৰকসমূহৰ প্রভাৱত পৃথিৱীত বাস কৰা বিভিন্ন প্ৰজাতিৰ জীৱসমূহৰ জনসংখ্যা ক্ৰমান্নয়ে হ্ৰাস পাবলৈ ধৰিছে আৰু ইয়াৰেই ফলশ্রুতিত পৃথিৱীৰ পৰা বিভিন্ন প্ৰজাতিৰ জীৱ বিলুপ্ত হৈ গৈছে বা বিলুপ্তিৰ গঢ়াহত উপনিত হৈছে৷


জিনীয় অধ্যয়ণ


ডি.এন.এ (DNA) ৰ সাংগঠনিক স্তৰত প্রত্যেক জীৱই ভিন্ন। এই ভিন্নতা সমূহ প্রজাতি (Species) তথা কোনো এক প্ৰজাতিৰ অৰ্ন্তগত গোট সমূহত বাস কৰা জীৱ (Individuals of a Population) ওভয়ৰে ক্ষেত্রত দেখিবলৈ পোৱা যায়। ডি.এন.এ য়ে মূলতঃ জীৱৰ বিকাশৰ লগতে সিহঁতৰ প্রজাতিগত বৈশিষ্ঠ সমূহক নিৰ্ধাৰণ কৰে। কোনো প্ৰজাতিৰ জীৱৰ অভিযোজন ক্ষমতা (Adaptive Capacity)বৰ্তাই ৰখাৰ লগতে তাৰ সফল সম্প্রসাৰণ (Expansion) তথা পুনঃস্থাপন (reestablishment) নিশ্চিত কৰাৰ ক্ষেত্ৰত জিনীয় বৈচিত্ৰ (অৰ্থাত ডি.এন.এ স্তৰত দেখিবলৈ পোৱা ভিন্নতা) অপৰিহার্য্য। সেয়ে বিজ্ঞানী সকলে বিভিন্ন প্ৰজাতিৰ জীৱসমূহৰ জিনীয় বৈচিত্ৰ ক বজায় ৰখাত বিশেষ গুৰুত্ব প্ৰদান কৰে।


মন কৰিব লগীয়া যে, বন্যপ্ৰাণী সংৰক্ষণ বুলিলে সচৰাচৰ বিভিন্ন প্রজাতিৰ জীৱই বাস কৰা বাসস্থানসমূহক সুৰক্ষিত কৰাত অধিক গুৰুত্ব প্রদান কৰা হয়। কিন্তু, কেৱল বাসস্থানৰ উপলব্ধতাই কোনো এক প্ৰজাতিৰ অস্তিত্ব সুনিশ্চিত কৰাৰ বাবে পৰ্যাপ্ত নহয়। বিভিন্ন অধ্যয়ণৰ পৰা দেখিবলৈ পোৱা গৈছে যে, ‘স্টকাস্টিক’ (Stochastic) অৰ্থাত, সম্ভাব্যতাৰ সূত্রাবলিৰ দ্বাৰা নিয়ন্ত্রিত বিভিন্ন কাৰকৰ প্ৰভাৱত কোনো এক প্ৰজাতি বিলুপ্তিৰ গৰাহত উপনিত হ’ব পাৰে। এনে স্টকাস্টিক কাৰক সমূহৰ ভিতৰত প্রকৃতিক দুর্যোগ (Environmental Catastrophe), জনসংখ্যা-সম্পৰ্কীয় পৰিঘটনা (Demographic Events) আদিৰ লগতে বিভিন্ন জিণীয় কাৰক (Genetic Factors) যেনে, অন্তঃপ্ৰজনন (Inbreeding), ‘জেনেটিক ড্ৰিফ্ট্’(Genetic Drift), উৎপৰিৱর্তন (Mutation) আদি হৈছে অন্যতম। বিশেষকৈ, যি সমূহ প্রজাতিৰ জীৱৰ সংখ্যা নিচেই কম, তেনে প্রজাতিসমূহ স্টকাস্টিক কাৰকৰ দ্বাৰা সহজেই প্ৰভাৱান্নিত হোৱা দেখিবলৈ পোৱা যায়।


বিগত তিনিটা দশকত বিজ্ঞানৰ অগ্রগতিৰ লগতে আধুনিক প্ৰযুক্তিৰ বিকাশে কোনো জীৱৰ জিনীয় স্তৰৰ অধ্যয়ণক সম্ভবপৰ কৰি তুলিছে। জিনীয় অধ্যয়ণ বুলিলে, মূলতঃ আণুবংশিকবিজ্ঞানৰ বিভিন্ন সিদ্ধান্ত (Genetic Theory) তথা আধুনিক প্ৰযুক্তিৰ (Modern Technique) প্ৰয়োগৰ দ্বাৰা অন্তঃপ্ৰজননকে আদি কৰি বিভিন্ন জিনীয় কাৰক সমূহৰ লগতে প্রজাতিৰ জীৱতত্ব সম্পৰ্কীয় (Biological Processes) বিভিন্ন দিশ যেনে, প্রজনন প্রক্রিয়া (Mating Pattern), প্রব্রজনৰ (Migration) তথা জিন ফ্ল’(Gene Flow), জেনেটিক স্ট্রাকচাৰ (Genetic Structure) আদিৰ বিষয়ে বিষদ অধ্যয়ণক বুজায়। এনে অধ্যয়ণে কোনো প্রজাতি বা প্রজাতিৰ অন্তর্গত জীৱগোট সমূহৰ সংৰক্ষণৰ ক্ষেত্রত প্রয়োজনীয় পদক্ষেপ সমূহ নির্ধাৰণৰ লগতে সংৰক্ষণৰ পৰিকল্পনা যুগুত কৰাত সহায় কৰে। উদাহৰণ স্বৰূপে, দক্ষিণ ফ্ল’ৰিডাত দেখিবলৈ পোৱা বিৰল প্রজাতিৰ জীৱ ফ্ল’ৰিডা পেন্থাৰ (Florida panther, Puma concolor coryi)। কুৰি শতিকাৰ প্রথম ভাগৰে পৰা মানবসৃষ্ট কাৰকৰ প্রভাবত ফ্ল’ৰিডা পেন্থাৰৰ বাসস্থানৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে ইয়াৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰে আৰু ১৯৯০ ৰ দশকৰ প্রথম ভাগলৈ ইয়াৰ সংখ্যা মাত্র ২০ ৰ পৰা ২৫ লৈ হ্রাস পায়। সমান্তৰালভাবে, অন্তঃপ্রজননৰ ফলত ফ্ল’ৰিডা পেন্থাৰৰ মাজত বিভিন্ন প্রকাৰৰ আণুবংশিক বিকাৰ (Genetic Disorder) দেখিবলৈ পোৱা যায়। ১৯৯৫ চনত, অন্তঃপ্রজননৰ বিৰূপ প্রভাবৰ পৰা মুক্ত কৰা তথা বিলুপ্তপ্রায় ফ্ল’ৰিডা পেন্থাৰৰ অস্তিত্ব সুৰক্ষিত কৰাৰ উদ্দ্যেশ্যৰে ইয়াৰ ‘জেনেটিক ৰেসকিউ’ (Genetic Rescue) ৰ এক বিশেষ প্ৰচেষ্টা হাতত লোৱা হয় যাৰ সফল ৰূপায়ণৰ ফলশ্রুতিত আজি ফ্ল’ৰিডা পেন্থাৰ সংখ্যা বর্তমান প্রায় ১০০ ওপৰলৈ বৃদ্ধি পায়ছে।


উল্লেখযোগ্য যে, জিনীয় অধ্যয়ণৰ জৰিয়তে সংগ্রহ কৰা তথ্যৰ আধাৰত কোনো প্রজাতিৰ জীৱৰ সংৰক্ষণ সম্পর্কীয় প্রয়োজন সমূহৰ বাস্তৱিক ছবি যুগুত কৰাৰ ক্ষেত্রত কিছু সম্পাদ্য জটিলতা ‌থাকিব পাৰে। যি কি নহওক, জৈৱ-বৈচিত্র, বিশেষকৈ বিলুপ্তপ্রায় প্রজাতিসমূহৰ সংৰক্ষণৰ ক্ষেত্রত জিনীয় অধ্যয়ণৰ ভূমিকাক নুই কৰিব নোৱাৰি আৰু সেয়েই জিনীয় স্তৰত জীৱৰ অধ্যয়ণৰ ক্ষেত্রত বিশেষজ্ঞ সকলে বিশেষ গুৰুত্ব আৰোপ কৰে।

আৰণ্যকৰ বায়’লিংক আগষ্ট ২০১৮ সংখ্যা ৰ পৰা পুনঃপ্ৰকাশিত ।

লেখকৰ বিষয়ে:

লেখক ডঃ প্ৰাঞ্জল কুমাৰ দাস বৰ্ত্তমান আৰণ্যকৰ “ৱাইল্ড লাইফ জেনেটিকচ ডিভিজনৰ” মেনেজাৰ হিচাপে কৰ্মৰত।






bottom of page