শিহুৰ বাসস্থানৰ প্ৰাধান্যৰ এক চমু আভাস

অনুমিত্ৰা ফুকন


ফটো - উদয়ন বৰঠাকুৰ


জীৱজগতৰ জলজ স্তন্যপায়ী প্ৰাণীৰ অন্তৰ্গত শিহু অৰ্থাৎ গংগাৰ ডলফিন অলুণীয়া পানীত বসবাস কৰা জলজ প্ৰাণীসমূহৰ ভিতৰত অন্যতম । শিহুৰ বাসস্থান হ’ল ভাৰতৰ গংগা-ব্ৰহ্মপুত্ৰ নদীতন্ত্ৰ, বাংলাদেশৰ মেঘনা-কৰ্ণফুলি নদীতন্ত্ৰ আৰু নেপালৰ কোশী-গন্ধকি-কৰ্নালি নদীতন্ত্ৰ। প্ৰধানকৈ এই নদীতন্ত্ৰৰ মূল নদীকেইখনৰ লগতে কেইখনমান উপনদীত শিহু পোৱা যায় যদিও এই নদীসমূহৰ কিছুমান নিৰ্দিষ্ট অঞ্চলহে শিহুয়ে বসবাস আৰু খাদ্য আহৰণৰ বাবে ব্যৱহাৰ কৰে । বিজ্ঞানীসকলে এতিয়ালৈকে কৰা কিছু অধ্যয়নৰ পৰা বুজা যায় যে শিহুৰ বাসস্থানৰ বাচনি আৰু প্ৰাধান্যৰ ওপৰত পানীৰ গভীৰতা, নদীৰ সূতিৰ প্ৰকাৰ, সোঁতৰ গতি, ঋতুকালীন মাছ আৰু অন্যান্য জলজ জীৱৰ অৱস্থিতি তথা বিতৰণৰ সালসলনি আদি বিভিন্ন কাৰকে গুৰুত্ব বিস্তাৰ কৰে ।


শিহুৰ বাসস্থান নদীতন্ত্ৰসমূহ সাধাৰণতে চিৰস্থায়ী নদী (perennial river) অৰ্থাৎ এই নদীসমূহ ভূতলস্থিত পানীৰ উৎসৰ পৰা নিৰ্গত হয় আৰু বছৰৰ গোটেইকেইমাহতে কম-বেছি পৰিমাণে হ’লেও নদীসমূহত পানী থাকে। খৰালি সময়চোৱাত বৰষুণৰ পৰিমাণ কম হ’লেও নদীসমূহ একেবাৰে শুকান হৈ নপৰে । কিছু কিছু অংশত নদীৰ পানী শুকাই গ’লেও শিহুৰ বাবে উপযুক্ত গভীৰতাযুক্ত অঞ্চল কিছুমানো বৰ্তি থাকে । প্ৰাপ্তবয়স্ক শিহুৰ আকাৰ ১.৫ ৰ পৰা ৩ মিটাৰ পৰ্যন্ত হ’ব পাৰে আৰু সেয়েহে ইহঁতক চলন ফুৰন কৰিবলৈ নদীৰ গভীৰতা আৰু প্ৰস্থ এক নুন্যতম সীমাৰ ওপৰত হোৱা দৰকাৰ । শিহুৱে ১ মিটাৰতকৈ কম গভীৰতা থকা অঞ্চলবোৰ সাধাৰণতে এৰাই চলা দেখা যায় । নদীৰ ভাঁজ, মোহনা আৰু নদীদ্ব