top of page

পক্ষী সংৰক্ষণত লোক কথাৰ প্ৰভাৱ

ৰিণু দেৱী


ফটো- উদয়ন বৰঠাকুৰ


শ্যামলীমা অসম জৈৱ-বৈচিত্ৰৰে চহকী আৰু লগতে নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী পক্ষীকুলৰ বিচৰণ ভূমি। সুললিত কণ্ঠৰে গীত গাই থকা পক্ষীকূলৰ অবিহণে সেউজী অসমৰ প্ৰাকৃতিক পৰিবেশৰ কথা কল্পনাই কৰিব নোৱাৰি। অসমৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা এই ধুনীয়া চৰাইবোৰে আমি নজনাকৈয়ে আমাৰ লগত মিতিৰালি কৰি আহিছে। এনে কিছুমান চৰাইৰ সুললিত কণ্ঠই আমাৰ জাতীয় স্ংস্কৃতিত যেন সোণতে সুৱগা চৰাইছে। সেয়েহে ভূপেন হাজৰিকা দেৱে গাইছিল,


‘‘ কুলি কেতেকীয়ে ইনালে বিনালে

মৰমী বিহুটিৰ কথাকে ক’লে।”


পক্ষীকূল কবি শিল্পী, গীতিকাৰ, সুৰকাৰ আদি সকলোৰে বাবে অন্তহীন প্ৰেৰণাৰ উৎস। এটি এটি চৰাইৰ অন্তহীন প্ৰেৰণাই একোটি চিৰ সেউজীয়া গীত গীতিকাৰৰ কলমেদি আপোনা আপোনি নিগৰি আহে, য’ত প্ৰেম, ভালপোৱা, মান, অভিমানেৰে ভৰপূৰ হৈ থকা মৌ-মিঠা সুৰীয়া সুৰবোৰ শ্ৰোতাৰ কাণত অন্তহীনভাৱে অনুকৰণ হৈ থাকে। তেনে এটি চিৰ সেউজীয়া গীত গীতিকাৰৰ কলমেদি নিগৰি অহা -


“শালিকী-অ’ অবুজন চৰাইজনী

তৰা তাঁতত পৰি কেলেই চিঙিলিহি সূঁতা”।


এনেধৰণৰ সাহিত্য সংস্কৃতিৰ অপূৰ্ব সৃষ্টিত নানা ৰঙীণ চৰাইবোৰৰ যথেষ্ট অৱদান আছে। এনেবোৰ চৰাই যদি সংৰক্ষণৰ অভাৱত বিলুপ্ত হৈ যায় তেনে হ’লে নতুন প্ৰজন্মই এই আপুৰুগীয়া সম্পদবোৰৰ অপৰূপ সৌন্দৰ্য্য বিচাৰি নাপাব। গতিকে দ্ৰুতগতিত বাঢ়ি অহা বনাঞ্চল ধ্বংস আৰু চোৰাংচিকাৰীক ৰুধিবলৈ পৰিয়ালৰ দৰে ৰক্ষণা-বেক্ষণ নিদিলে সময়ৰ সোঁতত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য লুপ্ত হৈ পৰিব।


শৈশৱতে দেখা পোৱা কিছুমান চৰাইৰ এৰাব নোৱাৰা স্মৃতি এতিয়াও মনত সজীৱ হৈ আছে। আহাৰ, শাওন মাহত পথাৰত খেতিয়কে হাল বাওতে পিছে পিছে নানা ধৰণৰ বহুতো চৰাইয়ে পথাৰত ওলোৱা মাছ, শামুক আদি খাবলৈ ঘূৰি ফুৰে। বগলী, কণামুছৰী, কনুৱা বা শামুক ভঙা, বৰটোকোলা ইত্যাদি নানা ধৰণৰ মাছ, শামুক আদি খোৱা চৰাই দেখা পোৱা গৈছিল।কিন্তু ক্ৰমমান সময়ত এই চৰাইবোৰ বৰ বেছিকৈ দেখা পোৱা নাযায়। হয়তো জলাশয়বোৰ কমি যোৱা বাবে আৰু আহাৰ শাওন মাহত পথাৰত মাছ, শামুককে আদি কৰি খাদ্য সম্ভাৰ কমি যোৱা বাবে। বৰটোকোলা চৰাইটোৱে যেতিয়া পথাৰত মাছ খাবলৈ আহে, সেই সময়ত মা- দেউতা আৰু আমাৰ জেষ্ঠজনে সাৱধান বাণী শুনাই “ ওচৰলৈ নাযাবি, একো নদলিয়াবি চকু লৈ যাব।” তেতিয়া বৰ ভয় লাগিছিল, সঁচাকৈয়ে চকু লৈ যাব বুলি। কিন্তু এতিয়াহে বুজিছো এই সাৱধান বাণীবোৰ পক্ষীকূল সংৰক্ষণৰ এটি উত্তম আহিলা আছিল। ভাদ আহিন মাহত যেতিয়া বালিমাহী চৰাই জনীয়ে ফাণকোছা টিপ টিপ কৰি নাচি ফুৰে তেতিয়া প্ৰথম দেখাৰ লগে লগে দুয়োহাত জুৰি সেৱা জনাইছিলো, যিহেতু আহিনতে দূৰ্গা পূজা।সৰুতে আমাক কৈছিল (হয়তো সকলো অঞ্চলতে নহ’বও পাৰে) গোসাঁনীৰ প্ৰতিভূ হিচাপে বালিমাহী জনীয়ে দেখা দিয়ে সেয়েহে সেই সময়ত ভক্তি ভাৱতে মুৰ দুৱাইছিলো। কিন্তু এই ভক্তি ভাৱেই এই কনমানি ধুনীয়া চৰাইজনীক সুৰক্ষা প্ৰদানৰ এটি উত্তম উপায়। সেইদৰে বহুতো পশু-পক্ষী দেৱ-দেৱীৰ বাহন হিচাপে শাস্ত্ৰত উল্লেখ আছে, গতিকে সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত এইবোৰো আমি যোগাত্মক দিশ হিচাপে ভাবিব পাৰো। আদি কবি বাল্মীকিয়ে যেতিয়া দেখিলে এহাল চাকৈ চকোৱা চৰাইৰ এটি চৰাই এজন ব্যাধৰ দ্বাৰা শৰবিদ্ধ হ’ল, সেই মৃত্যু যন্ত্ৰণা দেখি শোকাৰ্ত অৱস্থাত তেঁওৰ মুখৰ পৰা এফাঁকি ছন্দোবদ্ধ শ্লোক ওলাই আহিল,-

“ মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতীঃ সম।

যৎ ক্ৰৌঞ্চ মিথুনা দেকসৱধী কাম মোহিতম,”


সেই শ্লোক ফাঁকিয়েই পৃথিৱীৰ কাব্য জগতৰ প্ৰথম পদ হিচাবে চিহ্নিত হ’ল। সেই সময়ত ব্যাধজনে যদি চাকৈ চকোৱা চৰাই নহৈ বেলেগ চৰাই এটিকো শৰবিদ্ধ কৰিলেহেঁতেন, সেই সময়ত মুনিজনেও ব্যাধক একেদৰেই অভিসাপ দিলেহেঁতেন। এনেধৰণৰ সুক্ষ্ম কিন্তু স্পৰ্শকাতৰ বিষয়বোৰে বহুতো যোগাত্মক দিশৰ সন্ধান দিয়ে। যিহেতু সেই চৰাই হালৰ ছন্দোবদ্ধ শ্লোকৰ সৃষ্টি হ’ল আৰু সেই শ্লোক ফাঁকিয়েই চাকৈ-চকোৱা চৰাইৰ সংৰক্ষণৰ এটি উজ্জ্বল দৃষ্টান্ত বুলি ক’ব পাৰি। এইদৰে বিচাৰিলে হয়তো আৰু বহুতো দৃষ্টান্ত বিচাৰি পোৱা যাব।



ফটো- উদয়ন বৰঠাকুৰ


আদিম যুগৰে পৰা মানুহ আৰু চৰাইৰ মাজত এটি নিবিড় সম্পৰ্ক দেখিবলৈ পোৱা যায়। সেই সম্পৰ্ক বৰ্তমানেও বিৰাজমান। চৰাইৰ প্ৰতি মানুহৰ আকৰ্ষণ আৰু ভালপোৱা চিন হিচাপে এটি কথা উনুকিয়াব পাৰি। শৈশৱকালৰ তেনে এটি স্মৃতি- আমি সকলোৱে যেতিয়া ভাত খাবলৈ বহো তেতিয়া আমাৰ দেউতা, বৰদেউতা আদিয়ে ভাতৰ কাঁহীৰ আগত এমুঠিমান ভাত এৰি থয়। সেইখিনি লখিমী বুলি কয়। সেই লখিমী ভাত মুঠি ওচৰ-পাজৰে উৰি ফুৰা বিভিন্ন চৰাই চিৰিকতিৰ কাৰণে থয়। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰো ঘৰখনৰ মুৰব্বীজনৰ লগতে প্ৰতিজন সদস্যই নিজৰ লগতে ওচৰে-পাজৰে উৰি ফুৰা বিভিন্ন প্ৰজাতিৰ চৰাইৰ কথাও চিন্তা কৰে।এইবোৰ উপমা আজিকালি যেন সমাজৰ পৰা নাইকিয়াই হৈ গৈছে। এনে ধৰণৰ সুক্ষ্ম অনুভূতিবোৰে প্ৰমাণ কৰে যে ৰং-বিৰঙৰ বনৰীয়া চৰাইবোৰে মানুহক যুগ যুগ ধৰি আকৰ্ষণ কৰি আহিছে। গতিকে নতুন প্ৰজন্মই এনে ধৰণৰ সৰু সৰু অথচ মন চুই যোৱা অনুভূতি বোৰ বিচাৰ কৰি পশু-পক্ষীকূল সংৰক্ষণ এটি মহৎ দায়িত্ব হিচাবে পালন কৰিলে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য জৈৱ-বৈচিত্ৰকে ধৰি পশু-পক্ষী অসমৰ আৰ্থ-সামাজিক সাংস্কৃতিক আদি সকলো দিশতে যুগমীয়া হৈ থাকিব।


আৰণ্যকৰ বায়’লিংক জানুৱাৰী ২০১৮ সংখ্যাৰ পৰা পুনঃপ্ৰকাশিত ।

লেখিকাৰ বিষয়ে

অসমৰ বিভিন্ন কাকত আলোচনীত সঘনাই লেখা প্ৰকাশ হৈ থকা বেলতলা নিবাসী ৰিণু দেৱী বৰ্ত্তমান অসম চৰকাৰৰ কৰ আয়ুক্ত কাৰ্য্যালয় কৰভৱনত কৰ্মৰত।

ই -মেইল - rinudevi26@gmail.com




Comments


bottom of page