এক বৃক্ষ দশপুত্ৰসম

ৰিণু দেৱী

ফটো - উদয়ন বৰঠাকু


প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰাজিয়ে মানৱ জাতিক পৃথিৱীৰ জন্মলগ্নৰে পৰা সুৰক্ষা প্ৰদান কৰি আহিছে। প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্য্য আৰু বিস্ময়যুক্ত ক্ৰি্য়া-কলাপত বিমুগ্ধ হৈ আদিম যুগৰে পৰা মানুহে প্ৰকৃতিক বিভিন্ন ধৰনে পূজা-পাতল কৰি আহিছে বুলি বিভিন্ন পৌৰাণিক কাব্যত উল্লেখ আছে। প্ৰকৃতিৰ বিভিন্ন সম্পদ সমূহ সংৰক্ষণৰ এইতো এটি উত্তম আহিলা বুলি ক’ব পাৰি। যিহেতু বৰ্ত্তমান বনাঞ্চল ধ্বংসৰ যিখন ছবি আমি প্ৰতক্ষ্য কৰিছো, এই ধৰ্মীয় প্ৰভাৱৰ কাৰণে অলপ হলেও সংৰক্ষিত হৈ আছে বুলি অনুমান কৰিব পাৰি। প্ৰাচীন কালৰ পৰা প্ৰচলিত হৈ অহা “বৃক্ষ পূজাও” বৃক্ষ সংৰক্ষণৰ এটি উত্তম উপায় বুলি ক’ব পাৰি। আমি যদি অতি সূক্ষ্ম অনুভূতিৰে পৰ্য্যবেক্ষণ কৰো, আমাৰ চোতালৰ তুলসীজোপাৰ কথাকে ক’ব পাৰো।


“তুলসী দৰ্শণে পুণ্যাং স্পৰ্শনে পাপ নাশনং,

ছা্ঁয়ায়ং সৰ্ব্ব তীৰ্থানি তুলসী ত্বাং নমো নমঃ।”


উক্ত শ্লোক ফাঁকিয়েই তুলসীজোপা দৰ্শনত মনটো পবিত্ৰ হৈ পৰে। ধৰ্মীয় প্ৰতিটো কাৰ্য্যতে তুলসীজোপা অপৰিহাৰ্য্য। যি ঠাইত তুলসীৰ গন্ধ বতাহত প্ৰবাহিত হৈ থাকে সেই অঞ্চলৰ চাৰিওদিশ পবিত্ৰ হৈ থাকে। তাৰোপৰি তুলসীৰ পাত বিভিন্ন ৰোগৰ মহৌষধ বুলি সকলোৰে জ্ঞাত। কাতি বিহুত তুলসী পুলি ৰুই তুলসীৰ তলত মাটি চাকি জ্বলোৱা প্ৰথা সকলোতে আছে। সেই দৃষ্টিৰে লক্ষ্য কৰিলে বৃক্ষ পূজাৰ প্ৰভাৱতে তুলসী প্ৰায় সকলোৱে নিজৰ চোতালত আজিও সংৰক্ষণ কৰি আহিছে। তুলসীৰ দৰেই আমি সচৰাচৰ দেখিবলৈ পোৱা প্ৰতিজোপা বৃক্ষই একোজোপা ঔষধি গছ বুলি ক’ব পাৰি। আমলখি, শিলিখা, আম, কঠাল, জামু, বকুল, মধুৰী, চন্দন, নীম, অৰ্জুন, খাজুৰী, তেতেলী, অমৰা, ৰুদ্ৰাক্ষ ইত্যাদি ইত্যাদি বহুতো বৃক্ষই মানৱ জাতিক সুমিষ্ট ফল যোগান ধৰাৰ লগতে সু-শীতল ছাঁ প্ৰদান কৰি আহিছে। সে্য়েহে সংস্কৃত শাস্ত্ৰৰ এটি শ্লোকেৰে ক’ব পাৰি।


“সেবিতব্যা মহাবৃক্ষঃ ফলচছায়া সমন্বিত

যদি দৈবাৎ ফলং নাস্তি, ছায়া কেন নিৰ্বায্যতে।


অৰ্থাৎ, বিশাল বৃক্ষৰাজিক সেৱা কৰিব লাগে, কিয়নো বৃক্ষই ফল আৰু ছাঁ দুয়োটা যোগান ধৰে, যদিহে দুৰ্ভাগ্যবশতঃ বৃক্ষজোপাত ফল নধৰে, তথাপিও শীতল ছাঁ প্ৰদান কৰাত কোনেও বাধা দিব নোৱাৰে। ভূমি অৱক্ষয় ৰোধ কৰি পৰিবেশক সুৰক্ষা প্ৰদান কৰি আহিছে বৃক্ষৰাজিয়ে। বায়ুমণ্ডলৰ অধিকাংশ কাৰ্বনডাই অক্সাইড শোষণ কৰি জীৱজগতক বুজন পৰিমানৰ অক্সিজেন যোগান ধৰি আহিছে, গতিকে গছ আমাৰ পৰম বন্ধু। “গছ থাকিলেহে মানুহ থাকিব” শ্লোগানতো সকলোৱে মনত ৰখা উচিত।


প্ৰাচীন কালৰ পৰা প্ৰচলিত বৃক্ষপূজাৰ বিষয়ে শাস্ত্ৰত উল্লেখ আছে। সেই ধৰ্মীয় প্ৰভাৱতেই এতিয়াও কিছুমান মন্দিৰ, নামঘৰ, শিক্ষানুস্থান প্ৰাংগনত ডাঙৰ বৃক্ষ সংৰক্ষিত হৈ আছে। ধৰ্মীয়স্থানত আহঁত, বেল, বৰগছ ইত্যাদি ধৰণৰ নানান বৃক্ষ ভক্তিভাৱত সংৰক্ষণ কৰা দেখা পোৱা যায়। আহঁত গছৰ তলত মৌৰ্য বংশৰ ৰজা অশোকে তপশ্যা কৰি ব্ৰহ্মজ্ঞান লাভ কৰিছিল সেয়েহে আহঁতগছ বোধিদ্ৰুম নামেৰেও জনাজাত। সেইদৰে জনবিশ্বাস মতে বেলগছত মহাদেৱ শিব আৰু বৰগছত নামঘৰৰ বুঢ়া- ডাঙৰীয়া থাকে বুলি প্ৰচলিত হৈ আছে। এনে ধৰণৰ ডাঙৰ ডাঙৰ বৃক্ষবোৰ মানুহে কাটিবৰ কাৰণে বৰ সাহস নকৰে। তেনেধৰণৰ গছক আতৰৰ পৰা প্ৰণাম জনায়। এই আধ্যাত্মিক ভাৱৰ প্ৰভাৱো গছ সংৰক্ষণৰ এটি যোগাত্মক দিশ বুলি ক’ব পাৰি। জীৱ জগতৰ কাৰণে সিংহভাগ অক্সিজেন আঁহতগছে যোগান ধৰে, গতিকে সকলোৱে যদি এজোপা গছ কাটিলে দুটি গছ পুলি ৰোৱাৰ এটি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ’লে বৰ্ত্তমান যি ভয়াবহ প্ৰদূষণে গা কৰি উঠিছে সেইয়া ৰোধ কৰাৰ এটি উত্তম উপায় হ’ব। সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাণীৰে আমি সংকল্পবদ্ধ হওঁ আহক “এক বৃক্ষ দশ পুত্ৰ সম।”


পৰিবেশ আৰু প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত জনবিশ্বাসৰ কিছুমান প্ৰভাৱ শৈশৱৰ কিছুমান স্মৃতিয়ে সোঁৱৰাই দিয়ে। ‘মা’-দেউতা আৰু বৰদেউতাই কোৱা কথাবোৰ এতিয়াও মনত পৰে, “ভৰদুপৰীয়া ডাঙৰ গছৰ তললৈ যাব নাপায়, তাত হেনো দেৱতা থাকে, তেওঁলোকে জিৰণী লয় আমনি কৰিব নাপায়।” ভাবিলে বৰ ভয় লাগে। আৰু কোৱা মনত পৰিছে আমাৰ ঘৰৰ বাটেদি সন্ধিয়া সময়ত কেতিয়াবা বা ৰাতি ওখ বগা কাপোৰ পিন্ধা মানুহ এজন খোজ কাঢ়ি গৈ পিচফালে মিঠা আমজোপাৰ ওচৰতে নাইকীয়া হয়। সেইকাৰণে কোনেও অকলে সেই আমজোপাৰ তললৈ যাবলৈ সাহস নকৰে। আৰু ওচৰতে থকা ঔটেঙা জোপা আৰু অমৰাজোপাৰ তললৈও যাবলৈ বৰ ভয় লাগে।


ঔটেঙাজোপাৰ তলত ভূত ওলায় বুলি কোৱা কথাষাৰত মনটো অজান ভয়্ত কঁপি উঠিছিল। শৈশৱৰ কোমল মনত ভয় আৰু ভক্তি ভাৱত গদগদ হৈ থকা সেই মিঠা আমজোপা, ঔটেঙা আৰু অমৰাজোপা সময়ৰ ধামখুমিয়াত নোহোৱা হৈ গ’ল। বৰ্ত্তমান অঞ্চল বিশেষে এই জনবিশ্বাসৰ প্ৰভাৱ হ্ৰাস পোৱা কাৰণে বন অঞ্চল ধ্বংসৰ এটি কাৰণ বুলি ক’ব পাৰি। তাৰোপৰি সৰুতে সৌৰাগছৰ ঠাৰি, বঙালী এৰা আৰু বকুল গছৰ ঠাৰিৰে দাঁত ঘহিবলৈ কোৱা মনত পৰে। দাঁতৰ বিষ হ’লে বঙালী এৰাৰ এঠা লগালে ভাল হয় বুলি কয়। পেটৰ কিবা অসুখ হ’লে ত্ৰিফলা, মানে আমলখী, শিলিখা আৰু ভোমোৰাগুটিৰ গুৰি মিশ্ৰণ কৰি খুৱায়। মধুৰীগছৰ কোঁহ খুন্দি ৰস খালেও ভাল হয়. এনেধৰণৰ বনদৰৱৰ বিষয়ে প্ৰাচীন আয়ুৰ্বেদত পোৱা যায়। বিভিন্ন ঔষধি গছৰ পৰা ঘৰুৱা উপায়েৰে সেইসময়ত বন দৰৱ প্ৰস্তুত কৰি বিভিন্ন ৰোগৰ চিকিৎসা কৰা হৈছিল। বৰ্ত্তমান বিজ্ঞানৰ যুগত উন্নতমানৰ প্ৰযুক্তিবিদ্যা অৱলম্বন কৰি সেই কেঁচা সামগ্ৰীসমূহৰ পৰাই বিভিন্ন দৰৱ, আয়ুৰবেদিক, এলোপেঠিকৰ বিভিন্ন ৰোগৰ কাৰণে দৰৱ প্ৰস্তুত কৰিছে। এই কথা বহুতে গভীৰভাৱে চিন্তা নকৰি মূল্যবান বৃক্ষসমূহ সংৰক্ষণত গুৰুত্ব প্ৰদান কৰা দেখা নাযায় যেন অনুভৱ হয়। এইটো মানৱ জাতিৰ কাৰণে বা সমগ্ৰ জীৱজগতৰ কাৰণে শুভলক্ষণ নহয়।


কিন্ত ব্যৱসায়িক দৃষ্টিৰে লক্ষ্য কৰিলে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত কিছুমান শুভলক্ষণ দেখা পোৱা যায়। উদাহৰণস্বৰূপে সাচী গছ, কদমগছ, যজ্ঞ ডিমৰু, তামোলগছ ইত্যাদি ধৰণৰ বহুতো মূল্যবান গছ ৰোপনত গুৰুত্ব আৰোপ কৰিছে। বৰ্ত্তমান সময়ত সাচীগছৰ সু-গন্ধি তেলৰ ব্যৱসায় এটি অতি লাভজনক ব্যৱসায়, সেয়েহে এই বৃক্ষজাতি সংৰক্ষণ কৰি পৰিবেশ সুৰক্ষাৰ লগতে আৰ্থিক দিশটোত যথেষ্ঠ লাভজনক। তাৰোপৰি কদমগছ অতি সহজে ডাঙৰ হয়। কদমৰ কাঠ অতি নৰম বাবে জুইশলা শিল্পৰ বাবে অতি উপযোগী। সেইদৰে যজ্ঞ ডিমৰুৰ পাত তামোল গছৰ ঢকুৱাৰে ব্যৱসায়ভিত্তিত আহৰি গ্ৰহণ কৰিব পৰা সামগ্ৰী তৈয়াৰ কৰা দেখা যায়। গতিকেএই ধৰণৰ গছবোৰ সংৰক্ষণ কৰি তাৰপৰা ব্যৱহাৰযোগ্য সামগ্ৰী উৎপাদন কৰা হয় তেতিয়াহ’লে বৰ্ত্তমান বহুলভাৱে ব্যৱহৃত পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীৰ প্ৰদূষণক অলপ হলেও ৰোধ কৰিব পৰা হ’ব বুলি আশা কৰিব পাৰি অন্যহাতে আৰ্থিকভাৱে স্বাৱলম্বি হোৱাৰ এটি সুন্দৰ পথ। সেয়েহে আমি যদি অতি বহলভাৱে অধ্যয়্ন আৰু গৱেষণা কৰি বনাঞ্চল সংৰক্ষণৰ এটি মহৎ পদক্ষেপ কাৰ্য্যকৰী কৰিব পাৰো অদূৰ ভৱিষ্যতে এই সুন্দৰ পৃথিৱীখন গোলকীয় উষ্ণতাৰ কবলৰ পৰা নিঃসন্দেহে সুৰক্ষিত হ’ব বুলি আশা কৰিব পৰা যায়।


আৰণ্যকৰ বায়’লিংক জুলাই ২০১৯ সংখ্যাৰ পৰা পুনঃপ্ৰকাশিত


লেখিকা ৰিণু দেৱী

অসমৰ বিভিন্ন কাকত আলোচনীত সঘনাই লেখা প্ৰকাশ হৈ থকা বেলতলা নিবাসী ৰিণু দেৱী বৰ্ত্তমান অসম চৰকাৰৰ কৰ আয়ুক্ত কাৰ্য্যালয় কৰভৱনত কৰ্মৰত।

ই -মেইল - rinudevi26@gmail.com


Recent Posts

See All