top of page

উলুম’ৰা চৰাই দেখিবনে ভৱিষৎ প্ৰজন্মই?

ড. দিপাংকৰ লহকৰ



উলুম’ৰা Bengal Florican (Houbaropsis bengalensis) ইয়াৰ বাসস্থানত

ফটো-উদয়ন বৰঠাকুৰ


যোৱা দশকৰ শেষ ভাগত বাঘ, নলগাহৰি, শিহু, অসমৰ শহাপহু, দেও হাঁহ, হাড়গিলা আদিৰ লগতে উলুম’ৰা ও অস্তিতৰ সন্ধানত ককবকাই আছে। উলুম’ৰা এবিধ বাস্তাৰ্ড গোত্ৰৰ অতি লুপ্তপ্ৰায় ঘাঁহনি পৰিস্থিতিতন্ত্ৰৰ নিবাসী। বৰ্ত্তমান উলুম’ৰাৰ দুটা পৃথক আবাদি পোৱা যায় – এটা ভাৰতীয় উপমহাদেশত আৰু আনটো কম্বোডিয়া আৰু ভিয়েটনামত। ভাৰতীয় উপমহাদেশৰ আবাদিটো মাত্ৰ ভাৰত আৰু নেপালতে বৰ্ত্তমান সীমাবদ্ধ। পূৰ্বে উপমহাদেশ খনৰ বাংলাদেশ, ভূটানটো ইয়াক পোৱা গৈছিল, যদিও ১৯৩২ চনত বাংলাদেশৰ পৰা চৰাইবিধৰ বিলুপ্তি ঘটে। আনহাতে, ভূটানত বে-আইনিভাৱে বজাৰলৈ বেচিবলৈ অনা এটা মৃত চৰাইৰ নমুনাৰ বাহিৰে চৰাইবিধৰ উপস্থিতি সম্পৰ্কে কোনো বৈজ্ঞানীক সাক্ষ্য নাই। ভাৰতত চৰাইবিধ উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, অসমকে ধৰি অৰুণাচলৰ পাদদেশলৈকেসম্পূৰ্ণ টেৰাই অঞ্চলতে পোৱা গৈছিল। শেহতীয়াকৈ চৰাইবিধ ভাৰতীয় উপমহাদেশৰ আবাদিতো, মুখ্যত অসমত পোৱা যায়। বৰ্ত্তমান সময়ত ৪০০-৫০০ মান উলুম’ৰাহে বাচি আছে। ইয়াৰে সৰহ ভাগেই অসমৰ বনাঞ্চলৰ নিবাসী।


চৰাইবিধক সাধাৰণতে চাপৰ ঘাঁহনীত (০.৫-১.০০ মিটাৰ) পোৱা যায়। উলু ঘাঁহনিত চৰাইবিধক প্ৰধানকৈ দেখিবলৈ পোৱা যায় বাবে ইয়াক উলুম’ৰা বুলি কোৱা হয়। কেতিয়াবা চৰাইবিধক ইকৰা, নল, খাগৰি আদি ওখ ঘাঁহনীতো পোৱা যায়। উলুম’ৰাৰ গুটি আৰু ফুল প্ৰধান খাদ্য যদিও পোক-পতংগ, ফৰিং, আনকি ভেকুলী আৰু সৰু সৰিসৃপ খোৱাও দেখা যায়। ইহঁতৰ মতা আৰু মাইকী দেখাত ভিন্ন।


উলুম’ৰাৰ প্ৰজননৰ সময় মাৰ্চ মাহৰ পৰা জুন মাহলৈ। এইখিনি সময়তে মতা চৰাইটোৱে ১৮-২৮ হেক্টৰৰ পৰিসৰত নিজস্ব সাম্ৰাজ্য স্থাপন কৰে। এনে সাম্ৰাজ্যৰ ২.১-৮.৪ হেক্টৰ পৰিসৰত মাইকী চৰাইটোক আকৃষ্ট কৰাৰ বাবে দিনৰ আগভাগত আৰু ৫০ মিনিট সূৰ্যস্ত পৰ্যন্ত পেখন প্ৰদৰ্শন কৰে। ম’ৰা চৰাইৰ প্ৰতিৰূপ ইহঁতে ৩-৪ মিটাৰ আকাশলৈ জাপমাৰি নিজৰ নেজ আৰু গ’লৰ পাখি সম্প্ৰসাৰীত কৰি মাইকী চৰাইটোক প্ৰণয় নিবেদন কৰে। উল্লেখযোগ্য যে, পেখন ধৰাটো বাস্তাৰ্ড গোত্ৰৰ চৰাইৰ এটা চৰিত্ৰ। উপযুক্ত সংগী নোপোৱা পৰ্যন্ত মতা চৰাইটোৱে এনেদৰে পেখন প্ৰদৰ্শন কৰি থাকে। উলুম’ৰাই মাটিতে ঘাঁহ মেৰি্য়াই বাঁহ সাজে। প্ৰত্যেকবাৰত দুটাকৈ কণী পাৰে আৰু ২৫-৩০ দিনৰ ভিতৰত কণী ফুটি পোৱালী ওলায়। অৱশ্যে পোৱালীৰ ভৰণ-পোষণৰ দায়িত্ব মাইকী চৰাইটোৰ ওপৰতে পৰে। মতা চৰাইটো প্ৰজননৰ সময়ত অস্থায়ীভাৱহে যোৰা পাতে।


চৰাইবিধৰ মাইগ্ৰেচন সম্পৰ্কে কিছু বৈজ্ঞানীক সমীক্ষা হৈছে যদিও ভাৰতীয় উপমহাদেশৰ ভিন্ন আবাসস্থানত ভিন্নতা দেখা যায়। নেপালৰ ‘ৰয়েল বৰডিয়া ৰাষ্ট্ৰীয় উদ্যানত‘ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ চৰাইবিধৰ স্থানীয় প্ৰজনন ঘটাৰ লগতে অসমৰ কাজিৰঙাটো অনুৰূপ কথা বহুকেইজন বৈজ্ঞানীকে প্ৰকাশ কৰিছে। আনহাতে কম্বোডিয়া আৰু ভিয়েটনামৰ আৱাদিটোয়ে প্ৰায় ৩০-৬০ কিল’মিটাৰ পৰ্য্যন্ত প্ৰজনন কৰাৰ সম্ভেদ পোৱা গৈছে।


যোৱা কেইমাহমান চৰাইবিধৰ বৰ্ত্তমান পৰিস্থিতি সম্পৰ্কে বহু কেইখন গৱেষণাপত্ৰ অধ্যয়ণ কৰি কিছু শিহৰণকাৰী সত্যৰ সাক্ষী হ’লো। যিহেতু চৰাইবিধৰ বৃহৎ আৱাদিটো আমাৰ ৰাজ্যখনতে পোৱা যায়, সেয়েহে কিছু তথ্য আপোনালোকৰ আগত দাঙি ধৰিবলৈ প্ৰৱন্ধটো লিখা হৈছে। চৰাইবিধৰ জীৱন ধাৰণত হেঙাৰ হৈ পৰা কেইবিধমান কাৰক তলত আলোচনা কৰা হৈছে।


বাসস্থানৰ অৱনতি আৰু পৰিবৰ্ত্তনঃ


ঘাঁহনী পৰিস্থিতিতন্ত্ৰৰ দ্ৰুত পৰিবৰ্ত্তনৰ ফলশ্ৰুতিত পৰিস্থিতিতন্ত্ৰটোৰ সমূহ নিবাসীৰ বাবে এক কঠোৰ প্ৰত্যাহবানৰ সৃষ্টি হৈছে। বৈজ্ঞানীক সমীক্ষা অনুসৰি সংৰক্ষিত এলেকাৰ বাহিৰৰ কোনো স্থানতে উলু ম’ৰা পোৱা নাযায়। ইয়াৰ মুখ্য কাৰণ বিস্তাৰিত পৰিষৰৰ সমগ্ৰ ঘাঁহনী পৰিস্থিতি তন্ত্ৰটোক কৃষিভূমিলৈ পৰিৱৰ্তন কৰা হৈছে। বানপানীৰ বাবেও বছৰী তন্ত্ৰটোত ঘটি থকা পৰিৱৰ্তনো নুই কৰিব নোৱাৰা বিষয়। টেৰাইৰ অন্তৰ্গত বিভিন্ন সৰু সৰু ঘাঁহনীতন্ত্ৰ সমূহক কুঁহিয়াৰ খেতিলৈ কৰা পৰিবৰ্ত্তনো উলু ম’ৰাৰ সংকোচিত বিস্তাৰণৰ কাৰণ। জনসংখ্যা বিষ্ফোৰণে যোৱা শতিকাটোত ঘাঁহনী পৰিস্থিতিতন্ত্ৰটোৰ বিস্তৰ ক্ষতি সাধন কৰিছে। উদাহৰণস্বৰূপে, ডিব্ৰু-চৈখোৱাৰ অমৰপুৰ ঘাঁহনী তন্ত্ৰটোকে ল’ব পাৰি। যোৱা দুই দশকত অঞ্চলটো ঘাঁহনীৰ ঠাইত ধান আৰু সৰিয়হতলীত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে। লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিওফালে ঘটি থকা ব্যাপক জনসংখ্যাৰ বিষ্ফোৰণৰ ফলশ্ৰুতিত পোহনীয়া জন্তুৰ বৰ্দ্ধিত সংখ্যাই বাকী থকা ঘাঁহনী তন্ত্ৰটোৰ ওপৰত অধিক চাপৰ সৃষ্টি কৰিছে।


অনুৰূপ পৰিস্থিতিৰ সন্মূখীন হৈছে ভাৰতবৰ্ষৰ অন্যান্য ঘাঁহনীসমূহও। দুধৱা ৰাষ্টীয় উদ্যান, লাগ্গা বাগ্গ, কটনীয়াঘাট, পিলিভিট (উত্তৰ প্ৰদেশ), অসমৰ বুঢ়াচাপৰি, লাউখোৱা ইত্যাদি উলুম’ৰাৰ বাসস্থানত অনুৰূপ সমস্যাই চৰাইবিধৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে। কম্বোডিয়াৰ টনলেচেপ ঘাঁহনীতন্ত্ৰত ঘটা পৰিৱৰ্তন অধিক চকুত লগা। উপগ্ৰহৰ পৰা প্ৰাপ্ত ছবিৰ ভিত্তিত ২০০৫-২০০৭, এই দুই বছৰৰ ভিতৰত ২৮% ঘাঁহনীৰ বিলুপ্তি ঘটিছে। বেদখল আৰু খেতি পথাৰৰ সম্প্ৰসাৰণে মুখ্য কাৰণ হিচাপে বিবেচনা কৰিছে। উল্লেখযোগ্য যে উক্ত অঞ্চলটোত প্ৰায় ২৯৪ টা মতা উলুম’ৰা থকাৰ প্ৰমাণ আছে যদিও উক্ত দুবছৰত প্ৰায় ৩০% চৰাইৰ সংখ্যা হ্ৰাস পাইছে। অন্যহাতে বাৰ্ষিক কন্ট্ৰল ফায়াৰ, ঘাঁহ কটা ইত্যাদি প্ৰক্ৰিয়াত ঘটা ব্যাপক অদূৰদৰ্শিতাই জৈৱিক প্ৰক্ৰিয়া যেনে অনুক্ৰমণ (succession) ইত্যাদিয়েও তন্ত্ৰটোত বাৰুকৈ প্ৰভাৱ পেলাইছে। ৰয়েল চিত্তাবন ৰাষ্ট্ৰীয় উদ্যানত চৰাইবিধৰ প্ৰিয় চুটি ঘাঁহৰ ঠাইত নাৰেহ্ঙা, চেকৰাম আদি গণ বা জাতিৰ ওখ ঘাঁহৰ পৰিৱৰ্তনে বিষয়টোক অধিক জটিল কৰি তুলিছে। চৰাইবিধৰ অন্যতম বাসস্থান কম্বোডিয়াত যোৱা ২৫ বছৰত ঘটা ৮১% ঘাঁহনী তন্ত্ৰৰ সংকোচন নিশ্চয় সচেতন মহলক অধিক উৎকণ্ঠিত কৰি তুলিব।


উলুম’ৰা Bengal Florican (Houbaropsis bengalensis) উৰণ প্ৰক্ৰিয়া

ফটোঃ উদয়ন বৰঠাকুৰ


অবাধ চিকাৰঃ


বৈজ্ঞানীক তথ্যই এইটো পোহৰলৈ আনিছে যে, চিকাৰিৰ পৰা উলুম’ৰাও হাত সাৰি যাব পৰা নাই। মাত্ৰ মাংসৰ বাবেই চৰাইবিধক চিকাৰ কৰা হয়। বৃটিছ ৰাজত্বৰ সময়ত অসমত এদিনত প্ৰায় ১০০ টা চৰাই বধ কৰাৰ তথ্য পোৱা যায়। বৰ্ত্তমান সময়তো বিভিন্ন স্থানত চৰাইবিধৰ চিকাৰ চলি থকা সম্ভেদ পোৱা গৈছে। নেপালত চৰাইবিধক মনোৰঞ্জনৰ বাবে হত্যা কৰাৰ বিপৰীতে কম্বোডিয়াত ৰুচিকৰ মঙহ হিচাপে গণ্য কৰা হয়। ১৯৯৯ চনত কম্বোডিয়াত চলা এক গৱেষণাৰ ভিত্তিত প্ৰায় ৩০০-৪০০ চৰাই প্ৰত্যেক বছৰে খাদ্যৰ বাবে হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। উক্ত গৱেষণাত কণী সংগ্ৰহ কৰাৰ বিষয়টো পোহৰলৈ আহে। ১৯৯০ চনত চলোৱা এক জৰীপৰ ভিত্তিত দাৰ্জিলিংস্থিত ছাহেদাবাদ চাহ বাগানত ঘটা অবাধ চিকাৰে চৰাইবিধক সম্পূৰ্ণ ৰূপে ধ্বংস কৰাৰ ঘটনাই চিকাৰৰ চৰম বৰ্বৰতাক প্ৰতিয়মান কৰে।


বৰ্ত্তমান সময়ত মানুহৰ অধিক হস্তক্ষেপনে চৰাইবিধৰ প্ৰজনন প্ৰক্ৰিয়াটো ক্ষতিসাধন কৰিছে। নেপালৰ ৰয়েলচিত্তাবন ৰাষ্টীয় উদ্যানত প্ৰজননৰ সময়ত চৰাইবিধ ওচৰতে থকা সৰিয়হতলিলৈ ওলাই গৈ কণী পাৰিব লগীয়া হৈছে। এনে কাণ্ড যে অকল নেপালতে ঘটি আছে এনে নহয়, ই সমগ্ৰ উলুম’ৰাৰ বিস্তাৰিত পৰিসৰত চলি থকা এটা জলন্ত সমস্যা।


গতিকে এতিয়া প্ৰশ্ন হয়, চৰাইবিধ আমাৰ ভৱিষ্যত প্ৰজন্মই দেখিবনে। চৰাইবিধৰ ওপৰত চলি থকা এনে পাশৱিক কাৰ্য্য বন্ধ হ’বনে। আমি সচেতন নাগৰিক হিচাপে নিশ্চয় কেতিয়াও নিবিচাৰো যে, উলুম’ৰাৰ নাম চিতা বাঘ, ডোডো চৰাই ইত্যাদিৰ লগত লিপিবদ্ধ হওঁক। ঘাঁহনীতন্ত্ৰৰ সঠিক ৰক্ষণাবেক্ষণৰ লগতে বিজ্ঞানসন্মত প্ৰণালীৰ যথোচিত ব্যৱহাৰে চৰাইবিধৰ ভৱিষ্যত নিৰ্ভৰ কৰিব।


লেখকৰ বিষয়ে :

লেখক ড: দিপাংকৰ লহকৰ, আৰণ্যকৰ বাঘ্ৰ গৱেষণা আৰু সংৰক্ষণ বিভাগৰ (Tiger Research and Conservation Division) জেষ্ঠ্য পৰিচালক হিচাপে কৰ্মৰত।


E-mail: dipankar.lahkar@gmail.com

190 views0 comments

Comments


Commenting has been turned off.
bottom of page