top of page

সাক্ষাৎকাৰ:বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী


১. বৰ্তমান সময়ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰিবেশ সম্পৰ্কীয় আটাইতকৈ ডাঙৰ সমস্যাটো কি বুলি ভাবে?

  • অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পৰিবেশ সম্পৰ্কীয় সমস্যাটো বৰ্ত্তমান বনাঞ্চল ধ্বংস আৰু প্ৰবজন বুলি মই ভাবো।

২. পৰিবেশৰ ভাৰসাম্যতা বজাই ৰখাৰ সমান্তৰালকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশ কেনেধৰণে সম্ভৱপৰ কৰি তুলিব পাৰি?

  • উত্তৰ-পূৰ্বাঞ্চল কৃষিভিত্তিক উদ্যোগেৰে বিকাশ হোৱাটো বিচাৰো মই। গৰু-ম’হ প্ৰতিপালনৰ বাবে গ্ৰেজিং, দানাৰ উদ্যোগ, প্ৰাকৃতিক সাৰৰ উদ্যোগ, শীতল ঘৰ ইত্যাদি ক্ষুদ্ৰ উদ্যোগৰ প্ৰয়োজনীয়তাই আমাৰ পূৰণ হোৱা নাই। পৰিবেশৰ ভাৰসাম্যতাৰ বাবে উদ্যোগ ক্ষেত্ৰত, স্থানীয় সহজে হোৱা ফল-মূলৰ গছ ৰোপণ, মৎসপালন আদিৰ প্ৰতি গুৰুত্ব দিয়া অতিকৈ প্ৰয়োজন। কিছু উদ্যোগে এনে পদক্ষেপ লৈছে, কিন্তু অধিকাংশই এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই। পৰিবেশৰ বাবে উদ্যোগ ক্ষেত্ৰই যদি এইধৰণৰ পদক্ষেপৰ ওপৰত গুৰুত্ব দিয়ে, তাৰ পৰা আন কিছুমান পৰোক্ষ উদ্যোগ ও গঠন হোৱাৰ সম্ভাৱনা থাকে।

৩. পৰিবেশ সংৰক্ষণ সফল কৰি তোলাত এজন সাধাৰণ নাগৰিকৰ ভূমিকা কেনে ধৰণৰ হ’ব পাৰে? এই ক্ষেত্ৰত বিভিন্ন মাধ্যম (মেডিয়া) সমূহে কেনেধৰণৰ অৰিহণা আগবঢ়াইছে বুলি আপুনি ভাৱে?

  • সাধাৰণ নাগৰিক এজনে প্ৰথমে ঘৰ আৰু বাস কৰা চুবুৰীটোৰ পৰিবেশ সংৰক্ষণৰ প্ৰতি সজাগ হোৱাৰ প্ৰয়োজন। পৰিবেশ সংৰক্ষণত সংবাদ মাধ্যমে যিমান ভূমিকা ল’ব লাগিছিল, সেয়া লোৱা নাই এতিয়ালৈকে। মাধ্যম সমূহে বিষয় সমূহ সঠিক ভাৱে উপস্থাপন কৰিব পাৰিলেহে মানুহৰ জীৱ-জন্তুৰ প্ৰতি সহানুভূতি, পৰিবেশ সংৰক্ষণৰ প্ৰৱণতা বাঢ়িব।

৪. বন্যপ্ৰাণী, বনাঞ্চল তথা পৰিবেশ সুৰক্ষাৰ বৰ্ত্তমানৰ আইন সমূহ সঠিকভাৱে বলবৎ হৈছে বুলি আপুনি ভাৱে নে?

  • বন্যপ্ৰাণী, বনাঞ্চল সুৰক্ষাৰ আইন সমূহ সঠিকভাৱে বলবৎ হোৱা নাই। উদাহৰণস্বৰুপে বন্যপ্ৰাণী সুৰক্ষাৰ আইন ১৯৭২, বলবৎ ভালদৰে হোৱা হ’লে, নাহৰফুটুকী, হাতী আদি নৃশংসভাৱে হত্যা কৰি, ছাল, দাঁত ইত্যাদি কাঢ়ি নিয়া, মাংসভক্ষণ দৰে কৰ্মবোৰ সংঘতিত হৈ নাথাকিলেহেঁতেন এতিয়াও। আনহাতে অভয়াৰণ্য ঘোষণা কৰা এলেকাত, এই আইনৰ ২৮ ধাৰামতে অভয়াৰণ্যত, স্বত্ব সম্বলিত অনুজ্ঞাপত্ৰ ধাৰীৰ বাহিৰে আন ব্যক্তি বসবাস কৰিব নোৱাৰে। ভাৰতীয় দণ্ডবিধি অৰ্থাৎ আই.পি.চি ধাৰা সমূহত থকা বাধাসমূহো পালন সঠিকভাৱে হোৱা দেখা নাযায়। ৱাইল্ড লাইফ প্ৰটেকচন এক্টৰ বিধি সমূহ শক্তিশালী, কিন্তু প্ৰয়োগত দুৰ্বল বুলি মই ভাবো।

৫. সাধাৰণ জনতাৰ মাজত পৰিবেশ সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ বাবে বৰ্ত্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ মাধ্যম কি হ’ব পাৰে?

  • সাধাৰণ জনতাৰ মাজত পৰিবেশ সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ বাবে সংবাদ মাধ্যম এক অপৰিহাৰ্য মাধ্যম। ইয়াৰোপৰি বিদ্যালয়, মহাবিদ্যালয়ত প্ৰকৃতি সুৰক্ষাৰ কিছু ’ক্লাব’ গঠন কৰি, বছৰ জোৰা কাৰ্যক্ৰম হাতত লোৱা উচিত। বাটৰ নাট আদি বিশেষভাৱে গাওঁ অঞ্চলত আৰু চাহবাগিছা অধ্যুষিত ঠাইত সঘনাই হোৱা প্ৰয়োজন।

৬. অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলসমূহক দেশৰ ভিতৰতে অন্যতম পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ সম্ভাৱনীয়তাৰ বিষয়ে আপোনাৰ অনুভৱ কেনেধৰণৰ?

  • উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চল সমূহক যদি পৰ্যটনস্থলী কৰি, লগতে স্থানীয় লোকক পৰ্যটন শিল্পৰ সৈতে জড়িত কৰিব পাৰি, তেতিয়া আপোনা-আপুনি পৰিবেশ সুৰক্ষা হ’বলৈ ধৰিব। আমাৰ বনাঞ্চল সমূহ, বাৰিষা-খৰালি দুয়োটা সময়তে সমৃদ্ধিশালী। সম্পূৰ্ণভাৱে শুকাই নাযায়। উত্তৰ-পূৰ্বাঞ্চলত শীতকাল, চৰাই পৰ্যবেক্ষণৰ বাবে উত্তম। এই বৃ্হৎ অঞ্চলৰ পৰ্যটন সম্ভাৱনীয়তা প্ৰচুৰ হোৱা স্বত্বেও উপযুক্ত পৰ্যটন ক্ষেত্ৰ এতিয়াও গঢ়লৈ উঠা নাই। যাতায়ত, সংযোগ ব্যৱস্থা পৰ্যটকৰ বাবে সুবিধাজনক এতিয়াও হোৱা নাই।

৭. আপোনাৰ আগন্তুক সময়ৰ পৰিকল্পনাৰ বিষয়ে আমাৰ পঢ়ুৱৈ সকলক কি জনাব বিচাৰিব?

  • মই গুৱাহাটী মহানগৰ আৰু কাষৰ বনাঞ্চল ধ্বংস, মানুহৰ বাসস্থান আদিক সমল কৰি, বাস্তৱ অভিজ্ঞতা ভিত্তিক এখন উপন্যাস লিখি আছো। আশাকৰো পৰিবেশ সচেতন পাঠকে উপন্যাসখন পঢ়ি ভাল পাব। এই কিতাপখনৰ বাহিৰে অন্য পৰিকল্পনা মোৰ বৰ্ত্তমান নাই।

৮. আৰণ্যকৰ প্ৰতি আপোনাৰ অভিমত কেনেধৰণৰ? আগন্তুক দিনৰ বাবে আমাক কেনেধৰণে আগবাঢ়ি যোৱাৰ বাবে পৰামৰ্শ দিব?

  • আৰণ্যকৰ প্ৰতি মোৰ আন্তৰিক শুভকামনা সদায় আছে। প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰয়োজন সততাৰ। প্ৰকৃতি সদায় নিৰ্মল, কিন্তু মানুহ প্ৰকৃতিৰ অংগ হোৱা স্বতেও নিৰ্মল কাৰ্যৰে প্ৰকৃতিক আপোন কৰিব পৰা নাই। মই আশা কৰো, আৰণ্যকে সততাৰে আগবাঢ়ি যাব আৰু অন্যান্য সৰু-বৰ প্ৰকৃতিপ্ৰেমী সংগঠনবোৰকো উৎসাহ, আদৰ্শৰে বাট দেখুৱাই যাব।

ফটো উৎস- ফেচবুক সংগ্ৰাহকঃ ই’কএনই সম্পাদকীয় দ


  • আৰণ্যকৰ বায়’লিংক আগষ্ট ২০১৮ সংখ্যা ৰ পৰা পুনঃপ্ৰকাশিত ।


54 views0 comments

Comentarios


Los comentarios se han desactivado.
bottom of page