top of page

পৰিবেশ বাৰ্ত্তালাপ: ড. অমৰজ্যোতি চৌধুৰী

সংগ্ৰাহক- সম্পাদকীয় দল



আপুনি প্ৰকৃতিৰ লগত কেনেধৰণে জড়িত বা আপুনি নিজকে প্ৰকৃতিৰ মাজত কেনেকৈ বিচাৰে?


প্ৰকৃতিৰ প্ৰথম শিক্ষা আমি সংস্কৃতিৰ পৰাই পাওঁ আৰু আমাৰ অসমৰ সংস্কৃতিৰ ডাঙৰ কথাটো হ’ল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে এগৰাকী সাংস্কৃতিক চিন্তাৰ নায়ক পালো। তেওঁ কৈছিল, “যত জীৱ জঙ্গম কীট পতঙ্গম অগ নগ জগ তেৰি কায়া।” আৰু এই বাক্যতে তেওঁৰ প্ৰকৃতিৰ প্ৰতি থকা চিন্তা প্ৰকাশ পাইছিল। তেওঁৰ মতে, যিমান জীৱ-জন্ত্তু আছে, যিমান কীট-পতংগ আছে, যিমান চলি থকা বা নথকা বস্তু আছে, এই সকলোৰে দেহ মাথো এটাই আৰু সেই উপলব্ধি এতিয়াৰ বিজ্ঞানৰ উপলব্ধিৰ সৈতে সম্পূৰ্ণ একে। গতিকে, প্ৰকৃতিও আমাৰেই বা মানুহৰে এটা অংশ বুলি ভাবিবলৈ আমাক বিজ্ঞানে শিকায়। ইয়াতে বিজ্ঞান আৰু সংস্কৃতিৰ মিলন হৈছে যিটো এটা ডাঙৰ কথা আৰু সেই হিচাপেই মই প্ৰকৃতিক মোৰে বা আমাৰে এটা অংশ বুলি ভাবো লগতে প্ৰকৃতিয়ে মোকো এটা অংশ হিচাপে লোৱা বুলি বিবেচনা কৰো।


‘বিশ্বব্যাপী পৰিবেশৰ সংকটাৱস্থা’ হৈ আছে বুলি কোৱা হয়, বিশেষকৈ জলবায়ু পৰিবৰ্তন। বিভিন্ন বন্যপ্ৰাণীৰ বসতিৰ ক্ষেত্ৰত এই সংকটাৱস্থাৰ প্ৰভাৱৰ ওপৰত আপোনাৰ মতামত কি?


সেয়া মানুহেই কৰা সমস্যা, গতিকে মানুহেই তাৰপৰা উদ্ধাৰ কৰিব লাগিব, সকলোৱে মিলি। দূৰ্ভাগ্যৰ কথা যে, আমি যিধৰণে ভাবিছিলো যে পৃথিৱীৰ বিভিন্ন দেশ বিলাক বিশেষকৈ শক্তিশালী দেশবিলাক আহিব, এইটো নোহোৱাৰ কাৰণ ও আমিয়ে। কিন্ত্তু পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰিবেশ কৰ্মীসকলে যিধৰণে এতিয়াও আত্ম উৎসৰ্গা কৰি জড়িত হৈ আছে। তেনেক্ষেত্ৰত, এতিয়াও এটা আশা বাছি আছে।


পৃথিৱীৰ অন্যঠাই বা দেশৰ তুলনাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱবৈচিত্ৰৰ বৰ্তমান অৱস্থাৰ ওপৰত আপোনাৰ মতামত কি?


স্বাভাৱিকভাৱে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলক প্ৰাকৃতিক সম্পদৰ ভৰাঁল বুলি কোৱা হয়। কিন্ত্তু, আমাৰ লোভ নে অজ্ঞানতাৰ ফলতেই নাজানো আমি প্ৰকৃতিক যিধৰণে বিনষ্ট কৰিছো, সেইটোলৈ চালে পৃথিৱীয়ে সামগ্ৰীক ভাৱে যিমান অন্যায় কৰিছে তাৰ তুলনাত কিন্ত্ত আমি অতন্ত্য দায়ী, আমাৰ অপৰাধ কম নহয়। লগতে, আমাৰ ইমান চহকী সংস্কৃতি আৰু চিন্তা থাকোতে এই পৰ্যায় পাইছোহি, এইটোৱে অত্যন্ত মৰ্মাহত কৰে মোক।


‘গঁড়অসমৰ সম্পদ’বুলি কোৱা হয়, কিন্ত্তু অন্য জীৱ-জন্ত্তুৰ তুলনাত কিয় গঁড়ৰ লোককথা বা বাখ্যা পোৱা নাযায় বা কম?


আচলতে, আন প্ৰাণীৰ লগত মিলা-মিছা কৰা প্ৰাণীবোৰৰ বিষয়েচৰ্চা অলপ বেছিকৈ হয়। আনহাতে, গঁড়ে অলপ আছুতীয়াকৈ থাকিব বিচাৰে বা বেছিকৈ সামাজিক সম্পৰ্ক এটা দেখা পোৱা না্যায়। এইটো কাৰণত সাধুসমূহত গঁড়ৰ ছবি বেছিকৈ প্ৰতিফলন নহয়। সেইটোও এটা কাৰণ হব পাৰে। লগতে, গঁড় মানুহৰ কাষলৈ নাহে আৰু অন্য হিংস্ৰ প্ৰাণীৰ দৰে মানুহৰ মনত ত্ৰাস নথকাতোও এটা কাৰণ হ’ব পাৰে।


বৰ্তমান সময়ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিবেশ সম্পৰ্কীয় সমস্যাটো আপুনি কি হয় বুলি ক’ব বিচাৰে।


পৰিবেশৰ সমস্যাবোৰ এটা আনটোৰ লগত জড়িত। এতিয়া গছ-গছনি নোহোৱাৰ ফলত নিৰ্মল বতাহৰ অভাৱ হৈছে। লগতে, অসমৰ বিভিন্ন প্ৰান্তত গাড়ী-মটৰৰ বাবেও যথেষ্ট বায়ু প্ৰদূষণ হৈছে। এই পৰিৱৰ্ত্তনটো স্পষ্ট ভাৱে দেখিবলৈ পাইছিলো তেজপুৰ বিশ্ববিদ্যালয়ত। তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভণিতে যেতিয়া গৈ যোগদান কৰো ১৯৯7 চনত, সেইখিনি সময়ত বিশ্ববিদ্যালয়ৰ চৌহদলৈ গ’লে উশাহত গোটেই ভিতৰখন পৰিষ্কাৰ হৈ অহা যেন লাগে। যিধৰণৰ অভিজ্ঞতা এখন হাবিলৈ গ’লে হয়, ঠিক তেনেধৰণৰ অভিজ্ঞতা তাত হৈছিল। সেইকাৰণেই তাত ৰাতিপুৱা খোজ কঢ়াটো আমাৰ কাৰণে বৰ আনন্দৰ কথা আছিল। কিন্ত্তু বছৰ বছৰ ধৰি আমি দেখিবলৈ পাইছো যে বিশ্ববিদ্যালয়ৰ সংৰক্ষিত পৰিবেশটো্ৱে উশাহৰ বতাহখিনি ভাল কৰি ৰাখিব পৰা নাই। তাতো দ্ৰুত অৱনতি হৈছে আৰু এই পৰিস্থিতি অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা


গুৱাহাটী মহানগৰীৰ বায়ুতো নিৰ্মল বায়ুৰ তুলনাত ধোঁৱাৰ পৰিমাণ বৃদ্ধি হৈছে, যাৰ ফলত বাট-পথত ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। অলপতে মই বহুদিনৰ মূৰত এটা বিশেষ ৰাস্তাত খোজ কাঢ়িছিলো। তাত খোজকাঢ়োতে মোৰ এটা সময়ত এনেকুৱা লাগিছিল যেন মই ধোঁৱাৰ মাজত জীয়াই আছো। গধূলি সময়ত প্ৰদূষণৰ মাত্ৰা যথেষ্ঠ বেছি হয়। প্ৰায়ে মই নৈৰ পাৰতহে খোজ কাঢ়ো। গতিকে নৈৰ পাৰত খোজ কঢ়া আৰু সেইৰাস্তাত খোজকঢ়াৰ মাজত ভয়ানক পাৰ্থক্য আহি পৰা দেখিবলৈ পাইছো।


আপোনাৰ মতে সাধাৰণ জনতাই কেনেকৈ দৈনন্দিন কাৰ্যৰে জৈৱবৈচিত্ৰ সংৰক্ষণত অৰিহণা যোগাব পাৰে?


আমাৰ সংস্কৃতিয়ে সকলো জীৱ-জন্ত্তু, কীট-পতংগক শ্ৰদ্ধা কৰিবলৈ শিকাইছে, সেইবিলাকক কেৱল আঁতৰাই পঠাবলৈ কৈছে। কালীয় দমণৰ কিছুমান বাহিৰৰ উপাখ্যানৰ মতে কালীয়ক কৃষ্ণই নাচি নাচি মাৰি পেলাইছিল কিন্ত্তু আমাৰ উপাখ্যানত কয় যে কালীয়ক এটা বিশেষ হ্ৰদৰ পৰা আঁতৰি যাবলৈ কৈছিল কাৰণ সেইটো হ্ৰদত মানুহে পানী খা্য়। গতিকে জীৱৰ লগত মানুহৰ সহবাস কৰাৰ যিটো প্ৰক্ৰিয়া, সেইটো আমাৰ কৃষ্টি-সংস্কৃতিত ভালকৈ আছে। সেই চিন্তা, গাঁৱে-ভূঁৱে সোমাই গ’লে, মানুহৰ লগত কথা পাতিলে তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়। এতিয়া মূল কথা হ’ল যে, এই বিশ্বাসৰে আঁত ধৰি যোৱা কেইটামান দশকত পৰিবেশৰ যিটো দ্ৰুত অৱনতি হ’ল সেইটো ক্ষেত্ৰত পৰিবেশৰ কৰ্মীসকলে অগবাঢ়ি আহিছে ঠিকেই কিন্ত্তু লগতে এই সমগ্ৰ অসম জুৰি এই চেতনাটো যদি ঘুৰাই অনাৰ প্ৰক্ৰিয়া কৰিব পাৰে, তেন্তে মই ভাবো ই অতন্ত্য আশাৰ কথা হ’ব।


আপোনাৰ প্ৰকৃতি বা বন্যপ্ৰাণীৰ লগত কিবা স্মৰণীয় অভিজ্ঞতা আছে নেকি?


সৰুকালৰ এটা ঘটনা মনত আছে। মই সৰুৰে পৰা গুৱাহাটীতে ডাঙৰ হৈছো। আমাৰ ঘৰ আছিল উত্তৰ গুৱাহাটীতৰ ৰংমহলত। সৰুতে মই পথাৰৰ মাজত শুই বহুত আনন্দ পাইছিলো। এদিন সেই পথাৰৰ পৰা আগবাঢ়ি গৈ গৈ কাষৰ হাবি এখনত সোমাই গৈছিলো। মই বাট হেৰুৱাইছিলো হাবিখনৰ মাজত। কিন্ত্তু হাবিখন বেছি ডাঙৰ নাছিল বাবে কাষৰ গাঁওখনৰ মানুহে মোক বিচাৰি অহা খোজৰ শব্দ শুনিবলৈ পাইছিলো। মোৰ বিশ্বাস আছিল যে মই নিৰাপদ, সেয়েহে মই তাতে ৰৈ আছিলো। কিন্ত্তু, সেইসময়খিনি সঁচাকৈ অপূৰ্ব আছিল, তাত থকা গছ আৰু চৰাইবিলাকৰ সৈতে একাত্ম হোৱাৰ এক অদ্ভুত প্ৰক্ৰিয়া আৰম্ভ হৈছিল। সেই সময়ত মোৰ বয়স ৭ৰ পৰা ৮ বছৰৰ ভিতৰত হ’ব। কিন্ত্তু সেই সময়তে যি উপলব্ধি হৈছিল সেই অভিজ্ঞতাই মোক এতিয়াও ৰোমাঞ্চিত কৰে। সেইখিনি সময়ত এক হৈ থকা বুলি কওঁ যদিও এতিয়া আামি প্ৰকৃতিৰ পৰা বহুত বিচিন্ন।


আপোনাৰ মতে, আৰণ্যক বা তেনেধৰণৰ সংস্থাসমূহৰ জৈৱবৈচিত্ৰ সংৰক্ষণত ভূমিকা কেনে বুলি ভাবে?


দৰাচলতে, আৰণ্যকে যিধৰণে নিজকে প্ৰতিস্থা কৰিছে আৰু যিধৰণে পৰিবেশৰ সমস্যাবোৰৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত ভূমিকা লৈছে সেয়া অতন্ত্য প্ৰশংসনীয়। এতিয়া অসমত পৰিবেশৰ চিন্তা কৰা বুলি ক’লে, ‘পৰিবেশৰ চিন্তা’ আৰু ‘আৰণ্যক’ প্ৰায় এক হৈ গৈছে। যিকোনো পৰিবেশৰ চিন্তাৰ কথা ক’লে আৰণ্যকৰ কথা নভবাকৈ নোৱাৰি। আৰু ই এক সত্য কথা। আৰণ্যকে এটা নেতৃত্ব দিব পাৰিছে আৰু পৰিবেশৰ সমস্যাৰ সৈতে মুখামুখিকৈ যুজিছে, ই এক ডাঙৰ কথা। লগতে ই বহুতো পৰিবেশকৰ্মীৰ সৃষ্টি কৰিছে, যিটো আজিৰ পৰা ২০ বছৰ বা ৩০ বছৰ আগতে ভবাটো অসম্ভৱ আছিল।


আপুনি বসবাস কৰা গুৱাহাটী মহানগৰীত পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত ল’ব লগা ভূমিকাৰ বিষয়ে আপোনাৰ মতামত কি?


গুৱাহাটীত এটা সুস্থিৰ পৰিবেশ ধৰি ৰখাৰ বাবে কৰিব লগীয়া বহু খিনিয়ে আছে। তাৰে ভিতৰত আটাইতকৈ দুখ লাগে যে আমি সৰু থাকোতে মোৰ বন্ধুসকলে সাঁতুৰা ভৰলু নদীৰ পানী এতিয়া দূষিত আৰু তেনেকৈ মই সাঁতুৰা দীঘলীপুখুৰীৰ পানীও এতিয়া দূষিত। গতিকে এইযে পানীও দূষিত কৰিলো, মাটিও দূষিত কৰিলো। সেইবোৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পোৱা হ’ব। সেইটোৰ চিন্তা সামগ্ৰীকভাবে যিটো পৰ্যায়ত হ’ব লাগিছিল, সেইক্ষেত্ৰত এটা অনুষ্ঠানে কৰাতকৈ চৰকাৰো তাৰ লগত ব্যাপক পৰ্যায়ত জড়িত হোৱাৰ প্ৰয়োজন আছে।


আৰণ্যকৰ বায়’লিংক আগষ্ট ২০১৯ সংখ্যা ৰ পৰা পুনঃপ্ৰকাশিত ।




45 views0 comments

Kommentare


Die Kommentarfunktion wurde abgeschaltet.
bottom of page