পৰম্পৰাগত খাদ্যৰ বিজ্ঞান আৰু জীৱবৈচিত্ৰ্যৰ সংৰক্ষণ

মানসী গোস্বামী


ফটো- সাৰ্কিৰিপ’ ৰংপি


কলপাতত বাঢ়ি দিয়া গৰম কণজহা চাউলৰ ভাতকেইটা, কাষত কলৰ দোনা বা ডোঙত দিয়া গৰম গৰম ডাইল, ধনীয়া পাতেৰে মলমলাই থলা কলখাৰ দিয়া মাটিমাহৰ অঞ্জাখন, ভেদাইলতা-নৰসিংহ ন’হলে পদিনাৰ চাটনি অলপ, দোৰোণ/ঢেকিয়া/খুতৰা/জিলমিল শাকৰ ভাজি, ঔটেঙা বা মধুসোলেং পাতেৰে ৰন্ধা মাছৰ জোল, কঠালগুটি/ পাতত দিয়া কচুথোৰৰ পিটিকা, আম-আদাৰ চাটনি এখন --- এনেকুৱা এসাঁজ ভাতৰ কথা ক’লেই আমাৰ জিভাৰ পানী পৰাটো সাধাৰণ কথা। পিছে এইধৰণৰ পৰম্পৰাগত খাদ্যাভ্যাসৰ আঁৰত বিজ্ঞান, প্ৰকৃতি অথবা জীৱবৈচিত্ৰ্যৰ কথা লুকাই আছে বুলি ভাতসাঁজ খাওঁতে আমাৰ মনলৈ নহাটোৱেই নিতান্তই স্বাভাৱিক। থোৰতে ক’বলৈ হ’লে পৰম্পৰাগত খাদ্য সম্ভাৰৰ প্ৰাকৃতিক ভেটি, আঁৰৰ বৈজ্ঞানিক যুক্তিযুক্ততা আজিৰ তাৰিখত, মহানগৰীৰ ’অভিজাত ভোজনালয়ৰ’ এসাজ ’তথাকঠিত থালিতকৈ’ অনেক বেছি গভীৰ, উপাদানবোৰ অধিক বৈচিত্ৰ্যময় আৰু সমৃদ্ধ।


ওপৰত উল্লেখিত পৰম্পৰাগত ভাতসাজ একেষাৰেই অমাৰ জীৱবৈচিত্ৰ্যৰ প্ৰতিনিধি বুলি ক’লেও বঢ়াই কোৱা নহয়। পৰিবেশন কৰিবলৈ ব্যৱহাৰ কৰা কলপাতখিলাৰ পৰা পিটিকা, ভাজি, আঞ্জা, জলকীয়া, মচলাখিনিলৈ প্ৰতিবিধ বস্তুৱেই একো একোবিধ জৈৱসম্পদ। সহজলভ্য, প্ৰাকৃতিকভাৱে উপলব্ধ। গাঁৱৰ ঘৰৰ বাৰী এখনলৈ ওলাই গ’লেই, দুপৰীয়াৰ ভাতসাজৰ লগত খাব পৰাকৈ এনে অনেক গছ-বন-পাত-শাক-পাচলি পোৱা যায় যে, সিয়ে ভাতসাজ উপাদেয় কৰাই নহয়, দেখাতো ভাল লগা কৰি তোলে। কেৱল নিৰামিষ খাদ্যই নহয় পুখুৰী-খাল-বিলত পোৱা মোৱা-পুঠি-চন্দা-গৰৈ-কাৱৈ-শিঙি-শ’ল-ৰৌ-বাহু – এই সকলো মাছ, যাৰ পাতত দিয়া, পোৰা পিটিকা, ভাজি, খোলাত দিয়া বা শুকুৱাই থোৱা খাদ্যৰ জুতি আমি লওঁ বা ল’বলৈ ভাল পাওঁ, সেইবোৰো জীৱবৈচিত্ৰৰে অংগ। কেৱল খাবলৈ জুতি লগাই নহয়, এই উপাদান বোৰে আমাৰ শৰীৰৰ প্ৰয়োজনীয় পুষ্টিখিনিও যোগান ধৰে বেছ ভালকৈয়ে। আৰু এই কথাতে আমাৰ খাদ্য আৰু প্ৰকৃতিৰ মাজত সম্পৰ্কৰ কথাটো স্পষ্টকৈ প্ৰকাশ পায়। কেৱল অসমৰ বুলিয়েই নহয়, পৃথিৱীৰ প্ৰত্যেকখন ঠাইৰে, প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা খাদ্যৰ বৈশিষ্ট্যৰ একোটা কাৰক আছে আৰু সেই কাৰকতে আছে বৈজ্ঞানিক ভিত্তি।


খাদ্যৰ প্ৰসংগলৈ যোৱাৰ পূৰ্বে এটা কথা কোৱা অপ্ৰাসংগিক ন’হব যে – আন সকলো প্ৰাণী তথা উদ্ভিদৰ দৰে মানুহৰো জীৱনপ্ৰক্ৰিয়া বতৰ তথা জলবায়ুয়ে প্ৰভাৱান্বিত কৰে। কোনো এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশ কেনে হ’ব – তাৰ অন্তৰালত ক্ৰিয়া কৰা মূল বিষয়টো হ’ল উক্ত স্থানৰ জলবায়ুৰ গতি-প্ৰকৃতি। ৰ’দ, বৰষুণ, উষ্ণতা, বতাহ, ডাৱৰ – আদিৰ দৰে বতৰৰ উপাদানৰ সামূহিক প্ৰভাৱৰ ফলত উক্ত ঠাইত কেনে গছ-গছনি থকিব, কি কি জীৱ-জন্তু পোৱা যাব – সেই সকলো কথা নিৰ্ভৰ কৰে। একেদৰে, তাৰ মাটি-পানী কেনে হ’ব, কি কি শস্যৰ খেতি কৰিব পৰা যাব, সেয়াও বতৰ আৰু জলবায়ুয়ে নিৰ্ধাৰণ কৰে। কেৱল সেয়াই নহয়, উক্ত স্থানৰ বাসিন্দাসকলৰ জীৱন-যাত্ৰা, জীৱিকা, সমাজ-সংস্কৃতি, আচাৰ-আচৰণ-বিশ্বাস আদিতো বতৰ আৰু জলবায়ুজনিত কাৰকে প্ৰভাৱ পেলায়। শস্য উৎপাদন প্ৰক্ৰিয়াৰ বতৰ নিৰ্ভৰশীলতাৰ বাবে উক্ত অঞ্চলত কি কি খাদ্যবস্তু পোৱা যাব, সেয়াও বতৰ বা জলবায়ুয়েই নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ একেবাৰে সৰলভাৱে ক’বলৈ গলে – কোনো এখন ঠাইৰ বাসিন্দাসকলৰ খাদ্যাভ্যাস প্ৰত্যক্ষ বা পৰোক্ষভাৱে বতৰ তথা জলবায়ু নিয়ন্ত্ৰিত। (অৱশ্যে এইক্ষেত্ৰত আমি আজিকালি বছৰৰ যিকোনো সময়তে উপলব্ধ হোৱা খাদ্যসম্ভাৰৰ কথা ক’ব খোজা নাই, কিয়নো সেয়া প্ৰকৃতাৰ্থত পৰম্পৰাগত খাদ্যভ্যাসৰ ভিতৰুৱা নহয়।) সেইবাবেই পৃথিৱীৰ অঞ্চলবিশেষে খাদ্যাভ্যাসৰ যি ভিন্নতা দেখা যায়, সেয়া আচলতে বতৰ আৰু জলবায়ুৰ ভিন্নতাৰে পৰিণতি। একোটা অঞ্চলৰ পৰিৱেশত যি যি খাদ্যসামগ্ৰী প্ৰাকৃতিকভাৱে পোৱা যায়, সেইবোৰৰ বিষয়ে তাৰ বাসিন্দাসকলে বছৰৰ পাছত বছৰ ধৰি সঞ্চয় কৰা অভিজ্ঞতাৰ ভিত্তিতে স্থানীয় খাদ্যসংস্কৃতিয়ে গঢ় লয়। সেইসূত্ৰেই ঋতুভেদে খাদ্যৰ ধৰণ-কৰণ-প্ৰকাৰণৰ পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে, আমাৰ অতি প্ৰিয় পঁইতাভাতৰ জুতিটো গৰমৰ দিনতহে প্ৰচলিত, শীতকালি নহয়, একেদৰে শীতকালি খোৱা খাদ্যসমূহ সততে আমি গৰমৰ দিনত খোৱাৰ পৰা বিৰত থাকো।


পৰম্পৰাগত খাদ্যসম্ভাৰৰ অন্য এক লেখত ল’বলগীয়া গুণ হ’ল – বিভিন্ন ঋতুকালীন বা অন্যান্য ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতা। বতৰৰ পৰিৱৰ্তনে শৰীৰত সৃষ্টি কৰিব পৰা অসুবিধাৰ পৰা হাত সৰাত আমাৰ থলুৱা খাদ্য বা পানীয়ই বিশেষভাৱে সহায় কৰে। গৰমৰ দিনত ডাব নাৰিকলৰ পানী, নেমুৰ চৰ্বত, থেকেৰাৰ চৰ্বত আদি পানীয়ই শৰীৰৰ উষ্ণতা কমোৱাত সহায় কৰে। সেইদৰে আমি শীতকালি ভজা বস্তু বা অধিক তেলজাতীয় বস্তু, মাংসজাতীয় খাদ্য খাওঁ, কিয়নো এনে খাদ্যই শৰীৰৰ শীত প্ৰতিৰোধী শক্তি বঢ়ায়। একেদৰে নিমপাত, শেৱালীপাত, ভেদাইলতা, নৰসিংহ, তুলসী, আদা, মৌজোল, দোৰোণ শাক, মানিমুনি, টেঙেচী, চিৰতা, শোকোতা, তিতাফুল, আমলখি, শিলিখা – আদিবোৰ আমি সময়ে সময়ে খোৱাৰ কাৰণো হ’ল শৰীৰত হ’ব পৰা ৰোগৰ প্ৰতিৰোধ। এই সকলোবোৰ খাদ্য কিন্তু একেদিনাই আমাৰ সংস্কৃতিৰ ভিতৰুৱা হোৱা নাই। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি, প্ৰকৃতিৰ সতে সহাৱস্থান কৰিবলৈ শিকা মানুহে নিজৰ অভিজ্ঞতাৰ আলমতহে এইবোৰ গছ-পাত-বনক খাদ্য তালিকাৰ অংগ কৰি লৈছে আৰু এইবোৰৰ উপকাৰীতাৰ জ্ঞান পৰৱৰ্তী প্ৰজন্মলৈ কঢ়িয়াই নিছে। জনগোষ্ঠীয় সমাজবোৰত এনে ঔষধি গুণসমূহ এনে বহু খাদ্যৰ প্ৰচলন আছে, যিবোৰৰ প্ৰকৃত অধ্যয়ণে আমাক অনেক তথ্যৰ সন্ধান দিব পাৰে।


ফটো- মিত্ৰজিত দেৱ


অন্যহাতে পৰম্পৰাগত খাদ্য সম্ভাৰৰ পুষ্টিগুণো আওকাণ কৰিব পৰা নহয়। আমি ওপৰত উল্লেখ কৰি অহা বনৰীয়া ফল-মূলবোৰ, শাক-পাতবোৰ অনেক খাদ্যপ্ৰাণ আৰু খনিজ দ্ৰৱ্যৰ উৎস। গতিকে, এইবিলাকৰ গ্ৰহণে সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ সকলকো প্ৰয়োজনীয় পুষ্টি সঠিকভাৱে যোগান দিব পাৰে। উদাহৰণ হিচাপে আমি কঠালৰ কথা ক’ব পাৰো। সহজলভ্য এই ফলবিধৰ পুষ্টি মূল্য যথেষ্ট অধিক। আজিকালি আমি, অৰ্থাৎ আধুনিক জীৱনযাত্ৰাত অভ্যস্ত সকলো লোকেই সততে পেকেটত পোৱা, সংৰক্ষণ কৰি থোৱা খাদ্য খোৱাত অভ্যস্ত হৈ পৰিছো। জীৱনযাত্ৰাৰ গতিবেগ বঢ়াৰ দৰেই আমাৰ “ফাষ্ট ফুড”ৰ প্ৰতি আসক্তি বাঢ়িছে। আমাৰ সলনি হোৱা খাদ্যৰ লগে লগে স্বাস্থ্যৰ অৱস্থাৰো পৰিৱৰ্তন হৈছে। কোমল চাউল, সান্দহ, মুৰি, চিৰা, পিঠা আদিৰ দৰে উপাদেয় আৰু স্বাস্থ্যসন্মত খাদ্যবোৰ আমাৰ খাদ্যতালিকাৰ পৰা বাদ পৰিছে। অথচ সময়ে সময়ে চলি অহা নানা অধ্যয়নত জানিব পৰা গৈছে যে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা সংৰক্ষিত খাদ্যৰ গ্ৰহণৰ ফলত মেদবহুলতা, হৃদৰোগ, পাচনতন্ত্ৰৰ ৰোগ আদি নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে বা হয়। এনেবোৰ তথ্যইও পৰম্পৰাগত খাদ্যৰ স্বাস্থ্যানুকূলতা আৰু বৈজ্ঞানিক যুক্তিযুক্ততাক প্ৰমাণ কৰে।


আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে পৰম্পৰাগত খাদ্যৰ অন্যতম বৈশিষ্ট্য হ’ল – জীৱবৈচিত্ৰ্যৰ পয়োভৰ। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO) ৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুযায়ী পূৰ্বৰ অন্ধ্ৰপ্ৰদেশ আৰু বৰ্তমানৰ তেলেংগানাৰ “দলিত“ সম্প্ৰদায়ৰ লোকসকলৰ পৰম্পৰাগত খাদ্যত মুঠ ৩২৯ বিধ তথা গুজৰাটৰ ‘ভীল’সকলৰ খাদ্যত মুঠ ৯৫ বিধ বেলেগ বেলেগ প্ৰজাতিৰ ব্যৱহাৰ হয়। আমাৰ ব’হাগ বিহুৰ সময়ত খোৱা এশ এবিধ শাকৰ পৰম্পৰাইও প্ৰকৃততে খাদ্য আৰু জীৱবৈচিত্ৰ্যৰ মাজৰ সম্পৰ্ককে প্ৰতিনিধিত্ব কৰে। মন কৰিবলগীয়া কথাটো হ’ল –পৰম্পৰাগত খাদ্যত সন্নিবিষ্ট অধিকাংশ উপাদানেই কিন্তু সাধাৰণতে বন্য অৱস্থাত পোৱা যায়, আধুনিক কৃষিকৰ্মৰ জৰিয়তে উৎপাদিত নহয়। বহুসময়ত আনকি এইবোৰৰ শস্যক্ষেত্ৰত থকা অপতৃণৰ পৰাও পোৱা যায়। এইপিনৰ পৰা লক্ষ্য কৰিলে স্পষ্ট কথাষাৰ হল – পৰম্পৰাগত খাদ্যাভ্যাসে জীৱবৈচিত্ৰ্যৰ সংৰক্ষণত কৰা সহায়।


পিছে চিন্তনীয় দিশটো হ’ল – আধুনিক জীৱনযাত্ৰাৰ মেৰ-পেঁচে ক্ৰমান্বয়ে আমাৰ খাদ্যপ্ৰণালী সলনি কৰি আনিছে। থলুৱা-পৰম্পৰাগত খাদ্যসম্ভাৰ এতিয়া নতুন সমাজ-ব্যৱস্থাত উৎসৱে-পাৰ্বনে খোৱা বিশেষ এসাঁজ ভাতলৈ পৰ্যবসিত হোৱাৰ বিপৰীতে, আমাৰ দৈনন্দিন খাদ্যাভ্যাসত সন্নিবিষ্ট হৈছে দেশ-বিদেশৰ খাদ্য, পেকেটত থকা প্ৰক্ৰিয়াকৃত আহাৰ ইত্যাদি ইত্যাদি। ফলস্বৰূপে, আমাৰ চৌপাশৰ পৰা বহুতো উদ্ভিদ, বহু প্ৰাণী লাহে লাহে নাইকিয়া হৈ যাবলৈ ধৰিছে। থাউকতে পোৱা তেনে এটা উদাহৰণ হ’ল অসমৰ থলুৱা ধানৰ জাতবোৰ। বৰ্ধিত জনসংখ্যাৰ চাহিদাৰ পূৰণৰ অৰ্থে উচ্চ উৎপাদনক্ষম তথা বৰ্ণসংকৰ জাতৰ ধানৰ খেতি ক্ৰমাৎ প্ৰসাৰ হোৱাৰ লগে লগে অসমৰ থলুৱা জাতবোৰ যেনে মাণিকীমধুৰী জহা, আমপাখি, শলপোনা, টেঙেৰী, কুনকুনি জহা, মালভোগ, জাহিঙা, বাংশীশালী – আদিবোৰৰ সঁচ তথা কৃষি ক্ৰমাৎ লোপ পাই আহিছে। অথচ লক্ষণীয় দিশটো হ’ল অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৱ ধানৰ অন্যতম উৎপত্তি কেন্দ্ৰ আৰু ইয়াত ধানৰ প্ৰায় ২০০০ বিধ ‘লেণ্ডৰেচ’ পোৱা যায়। কিন্তু ধানৰ জাতৰ ক্ষেত্ৰত এনে অতি চহকী ৰাজ্যখনত এতিয়া অনেক জাতৰ ধানৰ সঁচ পাবলৈ নাই।


কেৱল ধানেই নহয়, আন অনেকবোৰ শস্য, যেনে টেঙাজাতীয় ফল, শাক-পাত, ঔষধি আদিৰ ক্ষেত্ৰটো এই বিলুপ্তিৰ প্ৰৱণতা দেখা গৈছে। আমদানিকৃত ফলসমূহ যেনে আপেল, উন্নত জাতৰ আম, নাচপতি, আঙুৰ আদিৰ জনপ্ৰিয়তা বঢ়াৰ লগে লগে থলুৱা ফলমূলবোৰ যেনে লেতেকু, পনিয়ল, নুনী, ডিমৰু, বনপিঠা, জেনেৰু, টিলিকি আম, কোটাহী জামু আদিবোৰ নোহোৱা হৈ আহিছে। কমিছে বন-শাকপাতৰ প্ৰয়োগ। কথা হ’ল – কৃষিৰ জৰিয়তে সংৰক্ষিত, প্ৰচলিত তথা খাদ্যত ব্যৱহৃত হৈ নাথাকিলে, কোনো জাতিয়ে বৰ্তি থাকিব নোৱাৰে।সেইবাবেই এনে থলুৱা সঁচবোৰ লেতেকু, পনিয়ল, নুনী, ডিমৰু, বনপিঠা, জেনেৰু আদি থলুৱা ফল, জাহিঙা, আমপাখী, মেমেলাহি, মাগুৰি, মাণিকীমধুৰী, চকোৱা, আমনা আদি থলুৱা ধানৰ সঁচ পাবলৈ নোহোৱা হোৱাটোও আমাৰ খাদ্যলৈ অহা পৰিৱৰ্তনৰ সমান্তৰালকৈ আমাৰ চৌপাশৰ জীৱবৈচিত্ৰলৈ অহা বিপৰ্যয়ৰো চানেকি।


অৱশ্যে বহু সময়ত এনেকুৱা কিছুমান পৰম্পৰাগত খাদ্যও থাকে, যিবিলাকৰ পৰা উপকাৰতকৈ অপকাৰ বেছি হয়।অন্যহাতে কিছুমান খাদ্যক কেন্দ্ৰ কৰি প্ৰচলিত অন্ধবিশ্বাসে কেতিয়াবা প্ৰকৃতিত অপূৰণীয় ক্ষতিও সাধন কৰিব পাৰে।কাছৰ মাংস, গূঁইসাপৰ মাংস আদিক লৈ থকা অন্ধবিশ্বাসে এই প্ৰজাতিবোৰৰ সংখ্যা দিনকদিনে হ্ৰাস কৰি আহিছে।একেদৰে, কিছুমান খাদ্য অস্বাস্থ্যসন্মতভাৱে খালে, সি দেহত অপকাৰ কৰিবও পাৰে।কাঠফুলাৰ বিষক্ৰিয়া এনে অসচেনতাজনিত অপকাৰৰ উদাহৰণ।এনেবোৰ দিশ লৈও সচেতনতা সৃষ্টি হোৱাৰ দৰকাৰ।


ফটো- সাৰ্কিৰিপ’ ৰংপি


খাদ্য কেৱল সংস্কৃতিৰে উপাদান নহয়। পৰম্পৰাগত খাদ্যই একোখন ঠাইৰ সামগ্ৰিক পৰিবেশ আৰু পৰিস্থিতিতন্ত্ৰক প্ৰতিনিধিত্ব কৰে। বনৰীয়াৰূপত উপলব্ধ নানাবিধ জৈৱসম্পদক নিজৰ পুষ্টি তথা সুস্বাস্থ্যৰ বাবে ব্যৱহাৰ কৰিব পৰাৰ সম্ভৱনা আৰু সফলতাৰ প্ৰতীক আমাৰ জনগোষ্ঠীয় খাদ্যসম্ভাৰ। অন্যহাতে এনেখাদ্যৰ পৰম্পৰাক ধৰি ৰাখি প্ৰজন্মৰ পাছত প্ৰজন্মলৈ কঢ়িয়াই নিয়াত লোৱা ভূমিকা, বনৰীয়া বা উৎপাদিত খাদ্যদ্ৰৱ্যৰ সঠিক পদ্ধতিৰে কৰা সংৰক্ষণ, শস্যৰ বীজ সংৰক্ষণ তথা কৰ্ষণৰ ক্ষেত্ৰত লোৱা দায়িত্বৰ মাজেৰে সচেতন বা অসচেতনভাৱে এই জনগোষ্ঠীয় সমাজসমূহৰ মহিলাসকলে জৈৱবৈচিতত্ৰিক সম্পদৰ ৰক্ষণাবেক্ষণত বিশেষভাৱে আগভাগ লৈ আহিছে।


এইসকলোবোৰ কথাকে কিন্তু আজিৰ প্ৰেক্ষাপটত, বহনক্ষম উন্নয়নৰ ভেটি দৃঢ় কৰিবৰ বাবে দৰকাৰী থলুৱা প্ৰযুক্তিগত কৌশল (Indigenous Technological Knowhow) ৰ নামত পুনঃ পুনঃ পৰ্য্যালোচনা কৰা হৈছে, বিশ্লেষণ কৰা হৈছে, অধ্যয়ণ কৰা হৈছে।এনে পৰিপ্ৰেক্ষিততে পৰম্পৰাগত খাদ্যৰ মাজৰ এই বৈজ্ঞানিক দিশবোৰৰ যুক্তিসন্মত গৱেষণা কৰাটো দৰকাৰ আৰু এনেখাদ্যৰ ব্যৱহাৰিক তথা পাৰিৱেশিক উপকাৰিতাক বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ দৰকাৰ।নহ’লে আধুনিক খাদ্যাভাসৰ মোহত বন্দী হৈ আমি এনে খাদ্য প্ৰণালীক পৰিত্যাগ কৰা মানে বছৰৰ পিছত বছৰ ধৰি সঞ্চিত জ্ঞানৰ ভাণ্ডাৰ চিৰদিনলৈ লুপ্ত হৈ যোৱা আৰু স্বাস্থ্যসন্মত খাদ্যপ্ৰণালীৰ বিলুপ্তি ঘটা, সেয়া হোৱাটো নিশ্চয় আমাৰ কাৰোৰে কাম্য নহয়।


আৰণ্যকৰ বায়’লিংক  আগষ্ট ২০১৮ সংখ্যা ৰ পৰা পুনঃপ্ৰকাশিত ।

লেখিকাৰ বিষয়ে:


লেখিকা মানসী গোস্বামী এগৰাকী পাৰিৱেশিক তথা কৃষি পৰামৰ্শকাৰী আৰু গৱেষিকা। বিজ্ঞান জনপ্ৰিয়কৰণৰ সৈতে জড়িত গোস্বামী এগৰাকী পেশাদাৰী অনুবাদিকাও।তেওঁৰ অধ্যয়ণৰ মূল বিষয় সমূহ হ’ল- কৃষি জৈৱবৈচিত্ৰ, জলবায়ু পৰিৱৰ্ত্তনৰ প্ৰভাৱ, পৰম্পৰাগত জ্ঞানব্যৱস্থা, পৰিৱেশ-জলবায়ু-লৈংগিক বৈষম্যৰ আন্তঃসম্পৰ্ক ইত্যাদি।


E-mail: goswami.manoshi@gmail.com




143 views0 comments