ক’ভিড মহামাৰীঃ সাম্প্ৰতিক পৰিবেশ আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণৰ গুৰুত্ব

ডঃ দিপাংকৰ লহকৰ

ফটো - উদয়ন বৰঠাকুৰ


সম্প্ৰতি ক’ৰণা ভাইৰাছ পৰিয়ালৰ নব সংযোজন নবেল ক’ভিড-১৯ মহামাৰীৰ সন্ত্ৰাসত জনজীৱন কিদৰে বিধস্ত হৈ পৰিছে আমি সকলোৱে জ্ঞাত। ক’ভিড প্ৰতিৰোধী চিকিৎসা আৱিস্কাৰৰ বাবে চলোৱা অহৰহ প্ৰচেষ্টাৰ অন্তত প্ৰতিষেধক উপলব্ধ হৈছে যদিও, ১০০ শতাংশ সফল নহয়। আনহাতে, ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু মৃত্যুৰ হাৰে বিশ্বৰ সকলো দেশক উৎকন্ঠিত কৰি তুলিছে। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়।


বিজ্ঞান প্ৰযুক্তিৰ অভাৱনীয় উৎকৰ্ষ সাধনৰ মাধ্যমেৰে সামৰিক শক্তিকেন্দ্ৰত পৰিণত হোৱা বিশ্বৰ আটাইবোৰ আৰ্থিক ভাৱে বিকশিত দেশও সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰে মনিব নোৱাৰা এবিধ জৈৱ-ৰাসায়নিক বস্তুৰ তাণ্ডবত থৰকাছুটি হেৰুৱাইছে। অতি আধুনিক মানদণ্ডৰ চিকিৎসা ব্যৱস্থাৰে সুসজ্জিত তথা চিকিৎসা সেৱাৰ ক্ষেত্ৰখনত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হোৱা ইটালীৰ দৰে দেশেও ক’ভিড-১৯ সন্মুখত ৰণত পৰা পৰিলক্ষিত হৈছিল। মুঠৰ ওপৰত মানৱ সভ্যতা এক অনিশ্চয়তাৰ দিশে ধাৱ