top of page

আৰ্দ্ৰভূমিৰ গুৰুত্ব, অস্তিত্বৰ সংকট আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা

ধ্ৰুৱজ্যোতি কলিতা


ফটো - উদয়ন বৰঠাকুৰ


অসমত সৰু-বৰ অনেক আৰ্দ্ৰভূমি বা খাল-বিল, পিতনি, জান-জুৰি আছে । এই আৰ্দ্ৰভূমিবোৰ সবাতোকৈ চহকী, উৎপাদনক্ষম আৰু দীৰ্ঘম্যাদী পুনৰব্যৱহাৰযোগ্য প্ৰাকৃতিক ভাণ্ডাৰ। সেয়েহে আৰ্দ্ৰভূমিবোৰক আমাৰ ৰক্ষা কৱচ বুলি আখ্যা দিব পাৰোঁ। কিন্তু অসমত প্ৰকৃতিৰ মহামূল্যবান সৃষ্টি আৰ্দ্ৰভূমিবোৰ জধে-মধে ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰ পৰা এইটোকেই বুজিব পাৰি যে ইয়াৰ গুৰুত্বৰ বিষয়ে অসমৰ ৰাইজ বৰ বেছি সজাগ নহয়। আৰ্দ্ৰভূমিৰ অপব্যৱহাৰ বা সংকোচন যদি আমি ৰোধ কৰিব নোৱাৰো, তেনেহ’লে আমাৰ ভৱিষ্যৎ বংশধৰসকল ভয়াবহ দুৰ্যোগৰ গ্ৰাসত পৰিব। সেয়েহে, আমি অসমৰ খাল-বিল, পিতনি, জান-জুৰিকে ধৰি সকলোধৰণৰ আৰ্দ্ৰভূমিৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণক সচেতন কৰাৰ লগতে সংৰক্ষণৰ বাবে ঐক্যৱদ্ধ হৈ কাম কৰিব লাগিব।


অসমৰ জলাশয়বোৰৰ গুৰুত্ব নিম্নলিখিত ধৰণে ব্যাখ্যা কৰিব পাৰি-


জল সংৰক্ষণৰ বাবে জলাহভূমিঃ এটা অঞ্চলত পৰা বৰষুণৰ বহুখিনি পানী ওচৰৰ খাল-বিল বা পিতনিত জমা হয়। তাৰ পৰাই পানী নিগৰি গৈ ভূ-গৰ্ভত জমা হয়। নলীনাদ বা কুঁৱাৰ জৰিয়তে উঠোৱা ভূ-গৰ্ভৰ পানীখিনিৰ স্থান এনেদৰেই পুনৰ পানীৰে ভৰ্ত্তি হয়। খাল-বিলৰ পানীয়ে ওচৰৰ মাটিও জীপাল কৰি ৰাখে।


পুষ্টিকৰ খাদ্যৰ উৎসঃ আৰ্দ্ৰভূমিবোৰ মানুহৰ এবিধ প্ৰিয় খাদ্য মাছৰ আদৰ্শ প্ৰাকৃতিক উৎস। শেলুৱৈ, পানী, শিঙৰী, মকুৱা আদিৰ দৰে জলজ উদ্ভিদো জলাশয়বোৰত প্ৰচুৰ পৰিমাণে পোৱা যায়। আৰ্দ্ৰভূমিৰ বিনাশ ঘটিলে আমি বহুতো সু-স্বাদু আৰু পুষ্টিকৰ খাদ্য হেৰুৱাম।


গ্ৰাম্য অৰ্থনীতিৰ শক্তিশালী ভেঁটিঃ নল, খাগৰি, পাটি দৈ আদিৰে দৈনন্দিন জীৱনৰ বাবে লাগতিয়াল বহুতো সামগ্ৰী প্ৰস্তুত কৰা উপৰিও সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰীও তৈয়াৰ কৰা হয়। এনে ব্যৱসায়ে বহুলোকক নিয়মীয়াকৈ অৰ্থ উপাৰ্জনৰ পথ দি আছে। আৰ্দ্ৰভূমিবোৰৰ বিলুপ্তি ঘটা মানেই এইসকল লোকৰ জীৱিকাৰ পথ বন্ধ হোৱা।


বন্যপ্ৰাণীৰ অস্তিত্বঃ জলাশয়ক নিৰ্ভৰ কৰি এটা এলেকাত ভেকুলী, সাপ, নেউল, পখিলা, ডাউক, শঁৰালি, চিলনী, মাছৰোকা, হাড়গিলা, পানীকাউৰি আদি বিভিন্ন প্ৰজাতিৰ পোক-পতংগ, পশু-পক্ষী আৰু সৰীসৃপ জীয়াই থাকে। একেদৰে গা-ধুবলৈ, জলক্ৰীয়া কৰিবলৈ আৰু পানী পিবলৈ বন্যপ্ৰাণীবোৰে জলাশয়বোৰকেই ব্যৱহাৰ কৰে। গতিকে বিল, পিতনি আদি কমি অহা বা নিঃচিহ্ন হোৱা মানে এটা অঞ্চলৰ জীৱজগতৰ অস্তিত্বলৈও ভাবুকি অহা।


সাংস্কৃতিক সমলঃ বাৰে-ৰহণীয়া লোক-সংস্কৃতিৰ লগতো আৰ্দ্ৰভূমিৰ সম্পৰ্ক ওতঃপ্ৰোত। সকলো জনগোষ্ঠীৰেই গীত-মাতত জলাহভূমিৰ প্ৰাণী আৰু উদ্ভিদৰ উল্লেখ আছে। কিন্তু জলাহভূমিবোৰ বিনাশ হোৱাৰ লগে লগে যিহেতু, তাত থকা প্ৰাণী আৰু উদ্ভিদৰো বিনাশ ঘটিব, গতিকে ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰকৃতিৰ সেই বিচিত্ৰ সম্পদবোৰো অচিনাকী হৈ পৰিব। এনেদৰে থলুৱা লোক-সংস্কৃতিও ভৱিষ্যৎ প্ৰজন্মৰ বাবে আচহুৱা হ’ব।


মাছৰ বংশ বৃদ্ধিৰ বাবে আদৰ্শ স্থলীঃ নদীৰ লগত সংযোগ হৈ থকা জলাশয়বোৰ নদীত থকা মাছৰ বাবে কণী দিয়াৰ উৎকৃষ্ট ঠাই। বিলত জন্ম পোৱা মাছৰ পোণাবোৰ ডাঙৰ হোৱাৰ পিচত নদীলৈ ওলাই যায়। এনেদৰেই নদীসমূহত মাছৰ প্ৰাচুৰ্য অটুত থকাৰ লগতে বিভিন্ন এলেকালৈ মাছৰ বিস্তাৰ ঘটে। আৰ্দ্ৰভূমিৰ নষ্ট হ’লে বা নদীৰ লগত থকা সংযোগবোৰ বন্ধ হ’লে মাছৰ প্ৰাকৃতিক বংশবৃদ্ধি প্ৰক্ৰিয়াও বাধাপ্ৰাপ্ত হয়।


পৰ্যটন আৰু শিক্ষাৰ থলীঃ একোটা বিলত কিছুমান চৰাই নিয়মীয়াকৈ বাস কৰা উপৰিও শীতকালত বিলবোৰলৈ বিভিন্ন ধৰণৰ দেশী-বিদেশী পক্ষীৰ আগমন ঘটে। প্ৰকৃতি অধ্যয়নৰ উপৰিও সৌন্দৰ্যৰ বাবে এলে জলাশয়বোৰ গৱেষক ছাত্ৰ-ছাত্ৰী তথা প্ৰকৃতিৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। এনেদৰে আৰ্দ্ৰভূমিয়ে এলেকাটোৰ অৰ্থনীতি আৰু শিক্ষাৰ বিকাশত সহায় কৰে।


স্বাস্থ্যকৰ জলবায়ুঃ পৰিষ্কাৰ পানীৰ হ্ৰদ বা বিলে পাৰৰ বায়ু নিৰ্মল আৰু শীতল হৈ থকাত সহায় কৰে।ওচৰৰ বাসিন্দাসকলৰ বাবে নিৰ্মল পানীৰ বিল বা হ্ৰদবোৰ আশীৰ্বাদ স্বৰূপ।


এইখিনি আলোচনাৰ পৰা এইটো কথা স্পষ্ট যে এটা অঞ্চলৰ সুস্থ প্ৰাকৃতিক পৰিৱেশ তথা মানুহৰ শাৰীৰিক, মানসিক, সাংস্কৃতিক তথা অৰ্থনৈতিক দিশ শক্তিশালী কৰি ৰখাত আৰ্দ্ৰভূমিৰ গুৰুত্ব অপৰিসীম। পিছে এই কথাটো আমাৰ বহুতে ভালদৰে বুজি নোপোৱা বাবেই চৌপাশৰ জলাশয়বোৰ দ্ৰুত গতিত নিঃশেষ হ’বলৈ ধৰিছে। ই এক ভয়াবহ বিপদৰ আগজাননী।


জলাশয়বোৰৰ আয়তন আৰু গভীৰতাও বিভিন্ন কাৰণত কৰি আহিবলৈ ধৰিছে। তাৰে কেইটামান কাৰণ তলত উল্লেখ কৰা হ’ল-



ফটো -ধ্ৰুৱজ্যোতি কলিতা


জলাশয়ৰ আয়তন আৰু গভীৰতা হ্ৰাস পোৱাৰ কাৰণ


ঘৰ-দুৱাৰ নিৰ্মাণৰ বাবেঃ বিনামূলীয়া বা কম দামৰ মাটি বুলি বিবেচনা কৰি মানুহে জলাশয়বোৰ পুতি ঘৰ-দুৱাৰ সাজিবলৈ আৰম্ভ কৰিছে।


খেতি-পথাৰৰ বোকামাটি, আৱৰ্জনাৰ বাবেঃ সাধাৰণতে বাৰিষা হালবোৱাৰ সময়ত বহু পৰিমাণৰ বোকা মাটি উটি গৈ খেতি-পথাৰৰ কাষতে অৱস্থিত জলাহভূতি পৰেগৈ। পথাৰৰ কাষৰ জলাশয়বোৰৰ গভীৰতা দ্ৰুত গতিত হ্ৰাস পোৱাৰ এইটো এটা প্ৰধান কাৰণ।


উদ্যোগৰ বাবেঃ কিছুমান ব্যৱসায়ীয়ে উদ্যোগ নিৰ্মাণৰ বাবে খাল-বিলবোৰ পুতি নিঃচিহ্ন কৰি গৈ আছে। আনহাতে উদ্যোগৰ দ্বাৰা সৃষ্টিহোৱা কোলাহলে জলচৰ প্ৰাণীৰ আৰ্দ্ৰভূমিৰ ওপৰত নিৰ্ভৰশীল চৰাই-চিৰিকটি বা স্থানীয় বন্যপ্ৰাণীৰ চাল-চলনো বাধাপ্ৰাপ্ত কৰে।


ৰাস্তা-ঘাট আদি নিৰ্মাণৰ বাবেঃ জলাশয়ৰ গুৰুত্ব আওকাণ কৰি অপৰিকল্পিতভাৱে সজা খেল-পথাৰ, ৰাস্তা, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানবোৰে জলাশয়বোৰৰ প্ৰাকৃতিক অৱস্থা নষ্ট কৰিছে। বোঁৱতি পানীৰ সোঁত বা নদীৰ সৈতে থকা জলাশয়ৰ সংযোগ বাধাপ্ৰাপ্ত হ’লে সমগ্ৰ এলেকাটোৰ পৰিবেশতন্ত্ৰতেই বিৰূপ প্ৰভাৱ পৰে।


মানৱ বৰ্জিত আৱৰ্জনাৰ বাবেঃ পাহাৰ বা অৰণ্য পৰা ওলাই অহা জলধাৰাবোৰত বহুতে আৱৰ্জনা পেলোৱা ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰে। এনেদৰে পেলোৱা আৱৰ্জনাবোৰে বাৰিষা নৰ্দমা আৰু জানবোৰেৰে গৈ ওচৰৰ খাল-বিলবোৰত পৰা বাবেই বহুতো জলাশয়ৰ আয়তন দ্ৰুত হাৰত হ্ৰাস পাই আহিছে। জলাশয়ৰ পানীও বিষাক্ত কৰি তুলিছে।


বনাঞ্চল আৰু পাহাৰ ধ্বংসঃ অসমৰ বহুকেইখন বিলৰ কাষতেই পাহাৰ আৰু অৰণ্য অৱস্থিত। আৰ্দ্ৰভূমিৰ ওচৰৰ পাহাৰত জধে-মধে চলোৱা খনন কাৰ্য আৰু ব্যাপক পৰিমাণে গছ-গছনি কটাৰ ফলত বাৰিষা বোকা মাটি আৰু আৱৰ্জনা উটি আহি জলাশয়বোৰৰ গভীৰতা হ্ৰাস কৰে।


জলাশয় ধ্বংসই আনিব দুৰ্যোগ


আমাৰ চৌপাশৰ খাল-বিলৰ পানী কি ধৰণে বিষাক্ত দ্ৰব্য মিহলি হ’বলৈ ধৰিছে, আপুনি তলৰ কথাকেইটালৈ মন দিলেই অনুমান কৰিব পাৰিব-

দৈনন্দিন জীৱনত ৱ্যৱহৃত ৰাসায়নিক পদাৰ্থঃ মানুহে সাধাৰণতে ব্যৱহাৰ কৰা ৰাসায়নিক সামগ্ৰীৰ অৱশিষ্ট বিশেষকৈ ৰাসায়নিক কীটনাশক, ৰং, সাৰ, যান-বাহনত ব্যৱহৃত পেট্ৰোলিয়ামজাত সামগ্ৰী, বেটেৰী, মানুহ তথা পশু-পক্ষীৰ ক্ষেত্ৰত ব্যৱহৃত দৰৱৰ অৱশিষ্টৰ উপৰিও অপৰিশোধিত খালী বটল, পেকেট আদি য’তে-ত’তে পেলাই দিয়াৰ ফলত তাৰ বহুখিনি বৰষুণৰ পানীত উটি গৈ ওচৰৰ খাল-বিলৰ পানী বিষাক্ত কৰি তোলে।


কল-কাৰ্খানাৰ পৰা পেলাই দিয়া বিষাক্ত দ্ৰব্যঃ আজি-কালি সৰু-বৰ নগৰবোৰৰ উপৰিও গাঁওবোৰতো বিভিন্ন সামগ্ৰী উৎপাদন আৰু মেৰামতিৰ উদ্যোগ গঢ়ি উঠিছে। তেনে বহু উদ্যোগৰ বৰ্জিত বিভিন্ন ধৰণৰ সামগ্ৰী বা ৰাসায়নিক দ্ৰব্যবোৰ পোনপটীয়াকৈ মুকলি ঠাই, জলাধাৰ আদিত পেলোৱা হয়। এনেবোৰ দ্ৰব্য জলজ উদ্ভিদ আৰু প্ৰাণী, দুয়োবিধৰ বাবেই ভাবুকিৰ স্বৰূপ।


খেতি-পথাৰত ব্যৱহৃত ৰাসায়নিক দ্ৰব্যঃ আমি খেতি-পথাৰত ব্যৱহাৰ কৰা বিষাক্ত কীটনাশক, ৰাসায়নিক সাৰ, ৰাসায়নিক অপতৃণনাশক আদিৰ পথাৰত ৰৈ যোৱা অৱশিষ্টখিনিয়ে কাষৰ জলাশয়বোৰৰ পানী দূষিত কৰে। এইদৰে দূষিত হোৱা পানীয়ে উদ্ভিদ, মাছ, পতংগ, পশু-পক্ষী, সাপ-ভেকুলীৰ উপৰিও মানুহৰ দেহৰো ভয়ংকৰ অনিষ্ট কৰে। আনকি জলচৰ প্ৰাণীৰ কণীও নষ্ট কৰে। পানীৰ গুণাগুণ নষ্ট হোৱাৰ বাবে কিছুমান জলাশয়ত স্থানীয় প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা আচহুৱা অপতৃণৰো জন্ম হয়।



ফটো - উদয়ন বৰঠাকুৰ


জলাশয় নিঃচিহ্ন কৰাৰ ফলত দেখা দিব পৰা বিপৰ্যয়


  • ভূজলৰ ভাণ্ডাৰ দ্ৰুত গতিত হ্ৰাস পোৱা। পুৰণি কুঁৱা, দমকল আদিৰ তলি শুকাই যাব।

  • প্ৰকৃতিৰ বুকুত থকা বিষাক্ত পদাৰ্থবোৰৰ পৰিমাণ ভুগৰ্ভৰ অধিক তললৈ বাঢ়ি গৈ থাকে। সেয়েহে যদি আমি অধিক তলৰ পৰা পানী তুলি আনিলে, পানীৰ সৈতে বিভিন্ন বিষাক্ত পদাৰ্থও পানীৰ সৈতে উঠি আহে। ভূগৰ্ভৰ অধিক গভীৰতাৰ পৰা উঠোৱা পানীয়ে খেতিপথাৰৰ মাটিও বিষাক্ত কৰে।

  • থলুৱা উদ্ভিদ আৰু প্ৰাণী অস্তিত্বৰ সংকটত পৰিব। ফলত এলেকাটোৰ জৈৱবৈচিত্ৰ্যৰ প্ৰাচুৰ্য হ্ৰাস পাব। চৌপাশৰ খেতি পথাৰৰ মাটিৰ উৰ্বৰতা হ্ৰাস পাব,

  • গ্ৰামাঞ্চলৰ বৃ্হৎসংখ্যক লোকৰ জীৱিকাৰ পথ বন্ধ হোৱা,

  • বনৰীয়া আৰু ঘৰচীয়া পশু-পক্ষীৰ বাবে খাদ্যৰ নাটনি হ’ব,

  • সাংস্কৃতিক দিশত দুৰ্বল হোৱা,

  • আমোদ- প্ৰমোদৰ বাবে নিৰ্মল জলাশয়ৰ অভাৱ হ’ব। সামগ্ৰীক ভাৱে এলেকাটোৰ ওপৰত জলবায়ুৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব,

  • এলেকাটোলৈ পৰ্যটকৰ আগমন হ্ৰাস পাব,

  • মাছৰ স্বাভাৱিক বৃদ্ধি বাধাপ্ৰাপ্ত হ’ব,

  • এলেকাটোলৈ বিভিন্ন ঋতুত অহা চৰাইৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে চৰাইয়ে নিয়ন্ত্ৰিত কৰি থকা ক্ষতিকৰ পতংগ বৃদ্ধি পাব।

  • এলেকাটোত নতুন ধৰণৰ ৰোগ-ব্যাধিৰ প্ৰাদূৰ্ভাব ঘটিব।


আদ্ৰভূমিৰ সুৰক্ষাৰ বাবে আমি ল’ব লগা কিছুমান ব্যৱস্থা


  • জলাশয়বোৰৰ বুকুত মানুহৰ বসতি, নিৰ্মাণ কাৰ্য বা কৃষিকাৰ্য বন্ধ কৰা।

  • ইতিমধ্যে আবৰ্জনা পেলোৱা জলাশয়বোৰ আৱৰ্জনা মুক্ত কৰা।

  • জলাশয়ৰ পাৰত সংলগ্ন খেতি পথাৰৰ কাষত উদ্যোগ স্থাপন নিষিদ্ধ কৰা।

  • বাহিৰৰ বিষাক্ত নলা বা জলাশয়ত পৰাৰ আগতে শোধনৰ ব্যৱস্থা কৰা।

  • খেতি-পথাৰৰ আৱৰ্জনা জলাশয়লৈ যাব নোৱাৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা।

  • জলাশয়ৰ অপতৃণবোৰ নিয়মীয়াকৈ আঁতৰোৱাৰ লগতে গভীৰতা বৃদ্ধিৰ বাবে বুকু খন্দা।

  • নলা-নৰ্দমাত ঘৰুৱা বা উদ্যোগিক আৱৰ্জনা পেলাব নোৱাৰাকৈ কঠোৰ আইন প্ৰয়োগ কৰা।

  • কৃষি পথাৰত জৈৱিক সাৰ, কীটনাশক আদিৰ ব্যৱহাৰ বৃদ্ধি কৰা

  • জলাশয়ৰ সম্পদ যাতে জধে-মধে ব্যৱহাৰ কৰিব নোৱাৰে তাৰবাবে নীতি-নিয়ম বলবৎ কৰা।

  • মাছৰ বৈচিত্ৰ ৰক্ষাৰ বাবে নদীৰ লগত পূৰ্বৰে পৰা থকা সংযোগবোৰ পুনৰ মুকলি কৰা।

  • বৰষুণৰ পানীয়ে যাতে পাৰৰ ভুমি উটুৱাই নি জলাশয়বোৰৰ বুকুত পেলাব নোৱাৰে, তাৰবাবে জলাশয়বোৰৰ চৌপাশে ডাঠ হাবি-বনৰ আবেষ্টনী গঢ়ি তোলা।

  • জলাশয়বোৰৰ একোটা অংশত নিৰ্ভেজাল প্ৰাকৃতিক পৰিৱেশ অটুত ৰখাৰ বাবে মানুহৰ চলাচল নিষিদ্ধ কৰা উচিত।

  • কণী দিয়া ঋতুত মাছ ধৰা বন্ধ ৰাখক। মাছ ধৰাৰ ক্ষেত্ৰত মীন আইন মানি চলক।

  • মাছ ধৰাৰ বাবে পানীত বিষ বা বোমা নিদিব। এনে কাৰ্যই সৰু-বৰ সকলো মাছৰ লগতে অন্যান্য প্ৰাণীৰো মৃত্যু ঘটায়।


আহক, আমি আমাৰ মূল্যবান আদ্ৰভূমিৰ সংৰক্ষণৰ বাবে আগবাঢ়ো। প্ৰতিটো এলেকাৰ গাঁও পঞ্চায়ত, স্বেচ্ছাসেৱী সংগঠন, শিক্ষানুষ্ঠানে নিজ এলেকাৰ জলাশয়বোৰৰ সুৰক্ষাৰ বাবে সজাগতা অভিযান আৰম্ভ কৰো আহক, হাতে-কামে লাগো আহক। প্ৰয়োজন সাপেক্ষে স্থানীয় ভাবে নীতি-নিয়ম বলবৎ কৰি আদ্ৰ্ভূমিবোৰ সংৰক্ষিত হোৱাটো নিশ্চিত কৰক।


আমাৰ চহকী জৈৱ-বৈচিত্ৰ, অৰ্থনীতি আৰু সংস্কৃতিক সুৰক্ষা দিবলৈ আমি জলাশয়বোৰ ৰক্ষা কৰিবই লাগিব।

আৰণ্যকৰ বায়’লিংক জুলাই ২০১৭ সংখ্যাৰ পৰা পুনঃপ্ৰকাশিত ।

লিখকৰ বিষয়ে

নলবাৰী জিলাৰ টিহুৰ কাউৰেহাগি (জলখানা) গাঁৱত জন্ম গ্ৰহণ কৰা ধ্ৰুৱজ্যোতি কলিতা আৰণ্যকৰ আজীৱন সদস্য হোৱাৰ উপৰিও প্ৰাৰম্ভিক স্তৰৰ পৰাই সংগঠনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ একেধাৰে লেখক, কবি আৰু আলোকচিত্ৰ শিল্পী। এজন দায়িত্বশীল চৰকাৰী কৰ্মচাৰী হোৱাৰ উপৰিও তেখেত অসম বিজ্ঞান সমিতি, চি ই ইৰ দৰে সংগঠনৰ লগটো নিবিড়ভাবে জড়িত।

ইমেইলঃ dhruba@aaranyak.org


bottom of page