ecoNE

ক’ভিড মহামাৰীঃ সাম্প্ৰতিক পৰিবেশ আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণৰ গুৰুত্ব

ডঃ দিপাংকৰ লহকৰ

ফটো - উদয়ন বৰঠাকুৰ

সম্প্ৰতি ক’ৰণা ভাইৰাছ পৰিয়ালৰ নব সংযোজন নবেল ক’ভিড-১৯ মহামাৰীৰ সন্ত্ৰাসত জনজীৱন কিদৰে বিধস্ত হৈ পৰিছে আমি সকলোৱে জ্ঞাত। ক’ভিড প্ৰতিৰোধী চিকিৎসা আৱিস্কাৰৰ বাবে চলোৱা অহৰহ প্ৰচেষ্টাৰ অন্তত প্ৰতিষেধক উপলব্ধ হৈছে যদিও, ১০০ শতাংশ সফল নহয়। আনহাতে, ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু মৃত্যুৰ হাৰে বিশ্বৰ সকলো দেশক উৎকন্ঠিত কৰি তুলিছে। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়।

বিজ্ঞান প্ৰযুক্তিৰ অভাৱনীয় উৎকৰ্ষ সাধনৰ মাধ্যমেৰে সামৰিক শক্তিকেন্দ্ৰত পৰিণত হোৱা বিশ্বৰ আটাইবোৰ আৰ্থিক ভাৱে বিকশিত দেশও সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰে মনিব নোৱাৰা এবিধ জৈৱ-ৰাসায়নিক বস্তুৰ তাণ্ডবত থৰকাছুটি হেৰুৱাইছে। অতি আধুনিক মানদণ্ডৰ চিকিৎসা ব্যৱস্থাৰে সুসজ্জিত তথা চিকিৎসা সেৱাৰ ক্ষেত্ৰখনত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হোৱা ইটালীৰ দৰে দেশেও ক’ভিড-১৯ সন্মুখত ৰণত পৰা পৰিলক্ষিত হৈছিল। মুঠৰ ওপৰত মানৱ সভ্যতা এক অনিশ্চয়তাৰ দিশে ধাৱমান হোৱা দেখা গৈছে।

নাগৰিকৰ জীৱন বচাবলৈ চৰকাৰে লক ডাউন ব্যৱস্থা প্ৰৱৰ্তনৰ মাধ্যমেৰে জনসাধাৰণক গৃ্হবন্দী কৰি ক’ভিড-১৯ৰ পৰা পৰিত্ৰাণ পাবলৈ যত্ন কৰিছে। নাগৰিক সকলক অতি কমেও ১ মিটাৰ সামাজিক দূৰত্ব বজাই ৰখাৰ কঠোৰ নিৰ্দেশৰ মাজেৰে ক’ভিড-১৯ৰ শৃংখল ভাঙি এই ৰোগ প্ৰশমণৰ ব্যৱস্থা লোৱা হৈছে। পাৰ্শ্বক্ৰিয়া হিচাপে তৃতীয় বিশ্বৰ দেশসমূহ আৰ্থিক ভাবে লাহে লাহে কঙাল হৈ পৰিছে। এই ক্ষেত্ৰত দৈনিক শ্ৰমজীৱি আৰু কৃষক সকল প্ৰথমে প্ৰভাৱিত হোৱা দেখা গৈছে। লাহে লাহে লঘু আৰু ক্ষুদ্ৰ উদ্যোগৰ মাধ্যমেৰে স্বনিৰ্ভৰ্শীলহৈ আত্মনিয়োগত ব্ৰতী দেশৰ লাখ লাখ জনতা আৰ্থিক বিধ্বস্ততাৰ কৱলত পৰিছে। দেশৰ বিভিন্ন ঠাইৰ পৰা শ্ৰমিক ৰাইজ শ শ কিলোমিটাৰ খোজ কাঢ়ি হ’লেও আহি নিজ ঘৰত উপস্থিত হৈছে। এতিয়া এই সকল লোক কৰ্মবিহীনহৈ পৰিছে। ফলস্বৰূপে তাৎক্ষণিক আৰু সুপৰিকল্পিত কাৰ্যব্যৱস্থাৰ অবিহনে আৰ্থিক মন্দাৱস্থাই সৃষ্টি কৰিব পৰা আৰ্থ-সামাজিক বেমেজালি ক’ভিড-১৯ত কৈও বেছি ভয়াবহ হোৱাৰ উপক্ৰম দেখা গৈছে।

এফালে ক’ভিডে যেনেকৈ বিশ্ব মানৱক গৃ্হবন্দী হ’বলৈ বাধ্য কৰাইছে অন্যহাতে এই চেগতে ধৰিত্ৰী আই নিশ্চিতভাৱে অকণমান শান্তিৰে হুমুনিয়াহ কাঢ়িবলৈ সুবিধা পাইছে। এই সময়চোৱাত পূৰ্বৰ জনবহুল স্থান সমূহত বিৰল প্ৰজাতিৰ জীৱ-জন্তুৰ গতিবিধিয়ে লক ডাউনৰ আমনি দায়ক সময়ৰ মাজতে আমাক সুখৰ অনুভূতি দিছে। এই নিৰিবিলি পৰিবেশ বন্য জীৱ-জন্তু সকলৰ বাবে আশীৰ্বাদত পৰিণত হৈছে। কিছু এনে নান্দনিক মূহুৰ্ত ইতিমধ্যে কেমেৰাত বন্দী হৈছে। কৰ্ণাটকৰ বজাৰত বন গৰুৰ নিৰ্ভিক বিচৰণ, মুম্বাইৰ মাজ মজিয়াত ময়ুৰৰ প্ৰেমনৃত্য, কেৰেলাৰ ৰাস্তাত জহামালৰ মন্থৰ খোজ, গুৱাহাটীত আলু খুৱাই খৰ পহুক কৰা আতিথ্য আৰু উৰিষ্যাৰ উপকূলত কণী পাৰিবলৈ অহা অতি সংকটাপন্ন বিলুপ্তপ্ৰায় আলিভ ৰিডলি কাছৰ বৃ্হৎ জাক সমূহে আমাক নিশ্চিতভাবে ৰোমাঞ্চিত কৰিছে। বিশ্বৰ অন্যান্য চহৰ বিলাকতো একে ধৰণৰ পৰিবেশ দেখা গৈছে। আপুনি নিশ্চয় হৃদয়ঙ্গম কৰিছে মানৱবিহীন হৈ পৰা এনে সুকীয়া পৰিবেশৰ গইনা লৈ বন্য জন্তু সমূহে প্ৰাণচঞ্চলহৈ অলৌ-তলৌকৈ ঘূৰি ফুৰিছে। বন্য জীৱ-জন্তু সমূহৰ এটা নিৰ্দিষ্ট পৰিবেশত বিচৰণ ভূমিৰ কোনো ভৌগলিক পৰিসীমা নাথাকে। আমিহে সিহঁতৰ বিচৰণ ভূমি সংকুচিত কৰি কৃত্ৰিম পৰিসীমাৰ ভিতৰত থাকিবলৈ বাধ্য কৰিছো। যিয়েই নহওঁক সাম্প্ৰতিক পৰিবেশৰ ধনাত্মক প্ৰভাৱ কম বেছি পৰিমাণে আমি উভয় পক্ষই উপভোগ কৰিছো।

ফটো - উদয়ন বৰঠাকুৰ

ক’ভিড-১৯ৰ প্ৰভাৱ বিশ্বৰ আটাইবোৰ বিখ্যাত পৰ্যটনস্থলিতে খুব স্পষ্টকৈ দেখা গৈছে। পেৰিছ, নিউয়ৰ্ক, লণ্ডন আদি সদাব্যস্ত চহৰ মৃত্যু উপত্যকাত পৰিণত হৈছে। উল্লেখযোগ্য যে প্ৰত্যেক বছৰে বিশ্বৰ GDP ৰ এটা বৃ্হৎ অংশ (১০% কৈও অধিক) ট্ৰেভেল আৰু পৰ্যটন ক্ষেত্ৰখনৰ পৰাই আহে যিটো আনকি কৃষি ক্ষেত্ৰতকৈও অধিক। ইয়াৰ ভিতৰত UNDPৰ তথ্যৰ ভিত্তিত ৱাইল্ড লাইফ পৰ্যটনে অকলে GDPৰ ০.৪% অৰিহণা আগবঢ়োৱাৰ লগতে প্ৰায় ২২ নিযুত লোকৰ জীৱিকা সুনিশ্চিত কৰি আহিছে। ক’ভিডৰ প্ৰাদুৰ্ভাৱত ট্ৰেভেল আৰু পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িত প্ৰায় ৭৫ নিযুত লোকৰ জীৱিকা তাৎক্ষণিকভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলি বিশ্ব ট্ৰেভেল আৰু পৰ্যটন পৰিষদে ইতিমধ্যে প্ৰকাশ কৰিছে। নামিবিয়া, কেনিয়া আদি আফ্ৰিকীয় মূলৰ দেশ অধিক প্ৰভাৱিত হৈছে। আমাৰ অসমৰ ৱাইল্ড লাইফ পৰ্যটন ক্ষেত্ৰ খনতো ইয়াৰ বাৰুকৈ প্ৰভাৱ পৰিছে। কাজিৰঙা, মানাহ আদি বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমূহত স্থানীয় লোকৰ দ্বাৰা পৰিচালিত ৱাইল্ড লাইফ পৰ্যটন জৰাজীৰ্ণ হৈ পৰিছে। কাৰ্যত এইসকল এতিয়া নিবনুৱাহৈ পৰিছে।

কৰ্মস্থানৰ পৰা নিজ নিজ ৰাজ্যলৈ ভাগি অহা লাখ লাখ শ্ৰমজীৱি লোকৰ লগতে অন্যান্য ক্ষেত্ৰত সৃষ্টি হোৱা নিবনুৱা সমস্যাই শেহতীয়া ভাৱে প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা দিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। লক ডাউনৰ ফলত হোৱা আৰ্থিক মন্দাৱস্থাৰ জোৰা মাৰিবলৈ কিছু সংখ্যক লোক সংৰক্ষিত বনাঞ্চল সমূহৰ প্ৰাকৃতিক সম্পদৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰা দেখা গৈছে। ফলত সংৰক্ষিত বনাঞ্চল সমূহে অধিক চাপ বহন কৰিব লগীয়া হৈছে। ভাৰতৰ ৭০% তকৈও অধিক জনসাধাৰণ সংৰক্ষিত বনাঞ্চল সমূহৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত বাস কৰে। অৱধাৰিত ভাৱে এই বিপৰ্যয়ৰ সময়ত ইয়াৰ একাংশ লোকে বনাঞ্চলৰ পৰা বহুলভাৱে খৰি-খেৰ, শাক-পাত আহৰণ কৰি জীৱিকা নিৰ্বাহৰ চেষ্টা কৰিছে। ইয়াৰে কিছুমানে ভৱিষ্যতৰ কাৰণেও সঞ্চিত কৰিবলৈ চেষ্টা কৰিছে। এই সকল লোকৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ লগে লগে পৰিবেশৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিব নোৱাৰিলে বনাঞ্চল সমূহৰ সমূহৰ সংৰক্ষণ কেতিয়াও সম্ভৱ ন’হব। উল্লেখযোগ্য যে ২০০১ চনৰ পৰা ২০১৮ চনলৈ, মাত্ৰ ১৭ বছৰৰ ভিতৰত ভাৰতত প্ৰায় আকাৰত চাৰিখন গোৱা ৰাজ্যৰ সমান অৰণ্যভূমি ধ্বংস হৈছে।

ফটো - উদয়ন বৰঠাকুৰ

আন একাংশই বিপৰ্যয়ৰ সুযোগ লৈ মূল্যবান গছ-গছনি কাটি তহিলং কৰিছে। লগতে আমাৰ বিপন্ন জন্তুবোৰক হত্যা কৰি তাৰ পৰা মুনাফা লাভৰ ষড়যন্ত্ৰ ৰচিছে। প্ৰখ্যাত জীৱ বিজ্ঞানী উল্লাছ কাৰান্থে এই সময় ছোৱাত ভাৰতত ঢেঁকিয়াপতীয়া বাঘ চোৰাং চিকাৰীৰ সহজ লক্ষ্য হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। ভাৰতত যোৱা বছৰটোত প্ৰায় ১১০ তাৰ অধিক ঢেঁকিয়াপতীয়া বাঘ আৰু ৫০০ নাহৰফুটুকী বাঘ চোৰাং চিকাৰীয়ে হত্যা কৰিছে। এই বিৰল প্ৰজাতি সমূহৰ দেহৰ বিভিন্ন অংশৰ পৰা চীনৰ পৰম্পৰাগত চিকিৎসা (Traditional Chinese Medicine) পদ্ধতিৰ বাবে ব্যৱহাৰিত ঔষধ প্ৰস্তুত কৰে বুলি তথ্য আছে। ক’ভিডৰ উৎপত্তিস্থল চীনৰ উহান চহৰৰ বন্যপ্ৰাণীৰ ৱেট মাৰ্কেট খনে জলজল-পটপটকৈ চীনক মূল কাণ্ডাৰী বুলি প্ৰমাণ কৰিলে। মাৰ্কিন ভূতত্ব জড়িপ বিভাগৰ ৰাষ্ট্ৰীয় বন্য জীৱ স্বাস্থ্য কোষৰ অধ্যক্ষ জনাথন স্লি’মেনে এখন পত্ৰিকাৰ সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে এই ৱেট মাৰ্কেট সমূহত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু অতি অস্বাস্থ্যকৰ পৰিবেশত একেলগে ৰখা হয় যাৰ ফলত ক’ভিডৰ দৰে বীজাণু এটা জীৱৰ পৰা আন এটালৈ অনায়াসে সংক্ৰমণ হ’বলৈ অনুকূল পৰিবেশ পায়। চীনত বন্য জীৱৰ এই বজাৰ আৰু একখাপ আগবাঢ়ি এতিয়া অনলাইন মাৰ্কেটিঙৰ মাধ্যমেৰে গ্ৰাহকক সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছে। অনলাইন মাৰ্কেটিঙৰ বাবে বন্য জীৱ-জন্তু সমূহক সঞ্চিত কৰি ৰখা পণ্যাগাৰ সমূহৰ অস্বাস্থ্যকৰ পৰিবেশৰ পৰাও অনুৰূপ সমস্যাৰ বীজ সৃষ্টিহৈ তাত কাম কৰা লোকৰ মাধ্যমেৰে সমাজত বিয়পি পৰি ভৱিষ্যতেও ক’ভিডৰ দৰে মহামাৰীৰ সৃষ্টি কৰিব পাৰে বুলি বিভিন্ন জনে আশংকা প্ৰকাশ কৰিছে।

শেহতীয়াকৈ মাৰ্কিন ষ্টেট ছেক্ৰেটেৰী মায়িক পাম্পয়োৰ আহ্বানক সমৰ্থন কৰি G20 দেশ সমূহে বন্য জীৱৰ কলা বেহা অতি শীঘ্ৰে বন্ধ কৰিবলৈ উঠিপৰি লাগিছে। ভাৰত, অষ্ট্ৰেলিয়া আদি দেশৰ প্ৰবল হেঁচাত ১৮ নিযুত মাৰ্কিন ডলাৰৰ চীনৰ বৃ্হৎ বন্য প্ৰাণীৰ বেহাখন সাময়িকভাৱে বন্ধ হোৱা বুলি প্ৰচাৰ চলিছে। ২০০৩ চনতো চীনে অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হৈছিল।

জহামাল প্ৰজাতিৰ পৰা মানৱ দেহলৈ SARS ভাইৰাছ সংক্ৰমিত হোৱা বুলি প্ৰমাণিত হোৱাৰ পিছত চীনত সাময়িকভাৱে জহামালৰ বেহা বন্ধ কৰা হৈছিল। প্ৰায় ৮০০ মানুহৰ মৃত্যুৰ পিছতো শিক্ষা নোলোৱা চীনে কিছুদিন পাছতে এই প্ৰতিবন্ধকতা আঁতৰাই দিয়ে। চীনৰ সংৰক্ষণবিদ সকলে প্ৰকাশ কৰিছে যে সম্প্ৰতি ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত চীনত বন্য প্ৰাণীৰ কলা বজাৰৰ বিপক্ষে জন সজাগতা সৃষ্টি হৈছে যদিও চীনৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে এতিয়াও চীনা চৰকাৰে কোনো শক্তিশালী সিদ্ধান্ত লোৱা নাই। আনকি ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত বন্য প্ৰাণীৰ কলা বজাৰৰ বিৰূদ্ধে গ্ৰহণ কৰা প্ৰতিবন্ধকতা সমূহৰ পৰা চীনৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাক বাদ দিয়া হৈছে। এনে পৰিস্থিতিত চীনে বন্য প্ৰাণীৰ কলা বজাৰৰ বিৰূদ্ধে আকস্মিকভাৱে যদিও অধিক তৎপৰ হৈছে, তথাপিটো ইয়াৰ কাৰ্যকাৰিতাক লৈ আমি পতিয়ন যাব নোৱাৰো।

পূৰ্বতে SARS, MERS, ইব’লা, মাৰ’বাৰ্গ ইত্যাদি মহামাৰী বাদুলি আৰু অন্যান্য জন্তুৰ পৰা মানৱ দেহলৈ সংক্ৰমণ হোৱা বুলি তথ্য প্ৰকাশ পাইছে যদিও ক’ভিড-১৯ বাদুলিৰ পৰাই সংক্ৰমণ হোৱা বুলি কোনো প্ৰামাণিক সাক্ষ্য পোৱা হোৱা নাই। আনহাতে ২০০৮ চনৰ নে’চাৰ নামৰ বৈজ্ঞানীক গৱেষণা পত্ৰিকাখনত প্ৰকাশিত এটা লেখাৰ তথ্য অনুসৰি ১৯৬০ চনৰ পৰা ২০০৮ চনলৈ আৱিষ্কাৰ হোৱা ৩৩৬ বিধ বেমাৰৰ ৬০% বন্য প্ৰাণীৰ দেহৰ পৰা মানৱ দেহলৈ সংক্ৰমিত হৈছে। ইয়াৰ বাবে বিশ্বৰ বন্যপ্ৰাণীৰ ৱেট মাৰ্কেট সমূহে প্ৰধানত জগৰীয়া বুলি বিবেচনা কৰিছে। ডিজীছ ইক’লজিষ্ট সকলে ঠাৱৰ কৰিছে যে যেতিয়া বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু একেলগে নতুনকৈ এটা প্ৰাকৃতিক (যেনে বনাঞ্চল) বা অপ্ৰাকৃতিক (যেনে ৱেট মাৰ্কেট) বেষ্টনিৰ মাজত সংগবদ্ধহৈ পৰে, তেতিয়া নতুন মহামাৰীৰ সৃষ্টি হোৱাৰ পৰিৱেশ এটাৰ সূচনা হয়।

এইডছ, জলাতংক, প্লেগ, মেলেৰিয়া, ডেংগু, জীকা, নিপা, নাইল ইত্যাদি আটাইবোৰ মহামাৰী প্ৰকৃতিৰ লগত কৰা দুৰ্ব্যৱহাৰৰ কাৰণেই যে আমাৰ মানৱ সমাজলৈ সংক্ৰমিত হৈছে তাত কোনো সন্দেহ নাই। গতিকে এনেবোৰ কথাই স্পষ্ট কৰি দিয়ে যে আমাৰ অদুৰদৰ্শিতাৰ লগতে অসাৱধানতাৰ বাবে মানৱ সভ্যতা আজি অন্ধকাৰৰ গৰ্ভত। তাৰ বাবে বাদুলি বা অন্য জীৱ-জন্তুক দোষাৰোপ কৰাৰ আমাৰ কোনো নৈতিক অধিকাৰ নাই। বৰং সমাজত প্ৰচলিত ভুৱা বাতৰিবোৰে অন্য এক বিপদহে মাতি আনিব পাৰে। বাদুলি আমাৰ পৰিৱেশতন্ত্ৰত প্ৰধানত পৰাগযোগৰ লগতে বীজ সিঁচৰণ কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। লগতে শস্যৰ বাবে অপকাৰী কীট খাই কৃষক সকলক সহায় কৰে। আনহাতে কেকটাছ গছ সমূহৰ ফুল ৰাতিহে ফুলে। এনে প্ৰজাতিৰ উদ্ভিদ পৰাগযোগৰ বাবে বাদুলীৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল। আমি জানো যে বিভিন্ন মাৰাত্মক বেমাৰৰ বীজাণুৰ বাহক সৰহ সংখ্যক কীট-পতংঙ্গ সচৰাচৰ ৰাতিহে বেছি সক্ৰিয় হয়। বাদুলী নিশাচৰ প্ৰাণী। ই বেমাৰ বাহক কীট-পতংঙ্গ খাই আমাৰ পৰিবেশ নিকা কৰি ৰখাত সহায় কৰে। গতিকে সন্দেহৰ বশৱৰ্তী হৈ আমাৰ প্ৰকৃতিৰ অতি প্ৰয়োজনীয় বাদুলিৰ প্ৰজাতি সমূহক অনিষ্ট সাধন নকৰিবলৈ জনসচেতনতাৰ সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

আনহাতে ব্যাপক বন ধ্বংসৰ পৰিণাম স্বৰূপেও নতুন নতুন বেমাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। বিভিন্ন উন্নয়নমূলক কামৰ গইনা লৈ প্ৰাকৃতিক ভূমি ধ্বংস আৰু ব্যাপক পৰিবৰ্তন ঘটোৱাৰ ফলত তাৰ স্থানীয় জীৱকূল নতুন পৰিৱেশৰ লগত মোকাবিলা কৰিব নোৱাৰি লাহে লাহে নাইকীয়া হৈ পৰিছে। দেখা গৈছে যে এনে পৰিবৰ্তিত পৰিস্থিতিৰ অভিযোজন হোৱা নতুন জীৱজন্তুৰ বিন্যাস আমাৰ সমাজত নতুন নতুন বেমাৰৰ বাহক হৈ পৰা পৰিগণিত হৈছে।

ফটো - কুকিল গগৈ

ষ্টেণ্ডফৰ্ড ইউনিভাৰ্ছিটিত সম্পন্ন হোৱা গৱেষণা এটাৰ উদ্ধৃতি দি নিউয়ৰ্ক টাইম্চত প্ৰকাশিত লেখা এটাত স্পষ্ট কৰিছে যে জৈৱ বৈচিত্ৰতাৰ কেন্দ্ৰভূমি বৰ্ষাৰণ্য সমূহ ক্ৰমাত ধ্বংস হোৱাৰ ফলত প্ৰাকৃতিক ভাৰসাম্যতা সাংঘাটিকভাবে বিনস্ত হৈছে আৰু ইয়াত বাস কৰা জীৱ-জন্তু আৰু উদ্ভিদ সমূহত অন্তৰ্নিহিত বিভিন্ন ভাইৰাছ, বীজাণু আদি অধিক সক্ৰিয় হৈ মানৱ সমাজত প্ৰৱেশ কৰি মহামাৰীৰ সৃষ্টি কৰিছে। বনধ্বংস আৰু বন্য জীৱ-জন্তুৰ লগত আমি হেতালি খেলিব নেৰিলে আগন্তুক সময়ত আৰু ভয়ানক পৰিস্থিতিৰ সন্মুখীন হোৱাটো নিশ্চিত। ২০০২ চনত মালেছিয়াৰ বৰ্নিঅ’ত সন্ত্ৰাসৰ সৃষ্টি কৰা Plasmodium knowlesi নামৰ নতুন মেলেৰীয়া পৰজীৱী বিধৰ সম্পৰ্ক পোনপটীয়াকৈ বন ধ্বংসৰ লগত পোৱা গৈছে। পূৰ্বতে এই অঞ্চলৰ বনাঞ্চলত থকা বান্দৰৰ গাত এই বেমাৰ বিধ পোৱা গৈছিল। প্ৰচিদিংছ অফ ডি ৰয়েল ছছাইটি বি নামৰ বৈজ্ঞানিক গৱেষণা পত্ৰিকা খনত প্ৰকাশ কৰা তথ্য মতে মানুহে বন ধ্বংস কৰিবলৈ অৰণ্যত প্ৰৱেশ কৰাৰ ফলত এই বেমাৰ বিয়পোৱা মহৰ সংস্পৰ্শলৈ আহে আৰু তেনেদৰে এই নতুন বেমাৰবিধ মানুহৰ গাত প্ৰৱেশ কৰে।

জৈৱ বৈচিত্ৰতাৰ ধ্বংসৰ ফলত প্ৰায় ১৫০০০ প্ৰজাতিৰ ঔষধি গুণসম্পন্ন উদ্ভিদ বিলুপ্ত হোৱাৰ পথত। জাৰ্ণাল অফ ডি নেচনেল কেন্সাৰ ইনষ্টিটিউত নামৰ পত্ৰিকা খনত প্ৰকাশিত এটা লেখাত উল্লেখ কৰিছে যে কেন্সাৰৰ চিকিৎসাৰ বাবে জৰুৰী ৬০% অধিক দৰৱ প্ৰাকৃতিক ভাবে এই সমূহ গছৰ পৰাই আহৰণ কৰা হয়। এই গছ সমূহৰ বিলুপ্তিৰ ফলত কেন্সাৰ চিকিৎসাৰ গৱেষণা চিৰ দিনৰ বাবে ক্ষতিগ্ৰস্থ হ’ব বুলি আশংকা প্ৰকাশ কৰিছে। আনহাতে বৰ্তমান সৃষ্টি হোৱা মহামাৰীৰ নিদানো সম্ভৱত এই উদ্ভিদ সমূহৰ মাজতে নিহিত হৈ থাকিব পাৰে।

অৱশেষত ক’ভিড-১৯ ৰ কুপ্ৰভাৱ এতিয়া বন্যপ্ৰাণী সংৰক্ষণত আৰু গৱেষণাত ব্ৰতী সংস্থা সমূহৰ ওপৰত পৰাৰ আশংকা ঘণীভূত হৈছে। এই ক্ষেত্ৰৰ লগত জড়িত প্ৰায় ৮০% লোক ইতিমধ্যেই প্ৰভাৱিত হোৱা বুলি তথ্য প্ৰকাশ পাইছে। অৰ্থনৈতিক বিধ্বস্ততাৰ বাবে আগন্তুক সময়ত বন্যজীৱ সংৰক্ষণৰ বাবে বিবেচিত চৰকাৰী পূঁজিৰ লগতে অন্যান্য বৰঙণি বা অনুদান সমূহ সাংঘাটিক ভাৱে কমি যোৱা পৰিলক্ষিত হৈছে। ফলত দীৰ্ঘম্যাদী আটাইবোৰ ক্ষেত্ৰ ভিত্তিক কামেই প্ৰভাৱিত হ’ব। প্ৰকৃতিবিদ সকলে ইয়াৰ ফলত আৰু অধিক জৈৱ বৈচিত্ৰতা ধ্বংস হব পাৰে বুলি চিন্তা প্ৰকাশ কৰিছে।

নিৰৱছিন্ন পৰিপক্কতা আৰু প্ৰজ্ঞাত্মক গৱেষণাই অনাগত দিনত ক’ভিড-১৯ৰ ফলপ্ৰসু চিকিৎসা আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ব যে তাত কোনো সন্দেহৰ অৱকাশ নাই। কিন্তু আমি ৰোগ নিৰাময়ৰ বিধান আৱিষ্কাৰতে অকল মনোনিৱেশ নকৰি ৰোগ সৃষ্টিৰ প্ৰাথমিক কাৰক সমূহক চিহ্নিত কৰি তাৰ প্ৰতিৰোধৰ বাবে দীৰ্ঘম্যাদী কাৰ্যব্যৱস্থাৰে আগন্তুক এনে বিপদৰ লগত মোকাবিলা কৰিব পৰাকৈ মানৱ সমাজক প্ৰস্তুত কৰি ৰখা দৰকাৰ।

ক’ভিড-১৯ মহামাৰীৰ মাধ্যমেৰে প্ৰকৃতিয়ে নিশ্চিতকৈ আমাক প্ৰাকৃতিক সম্পদ সমূহৰ আৱশ্যকতা আৰু এই সমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। গতিকে জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণত অধিক গুৰুত্ব প্ৰদান কৰি ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ণয় কৰাৰ সংকল্প লোৱা দৰকাৰ। তেতিয়াহে আমি মানৱ সমাজৰ ভেটি এই ভূমণ্ডলত অধিক সুদৃঢ় কৰিবলৈ সক্ষম হ’ম।

লিখকৰ বিষয়েঃ

ডঃ দিপাংকৰ লহকৰ আৰণ্যকৰ “Tiger Research and Conservation Division” ত মেনেজাৰ হিচাপে কৰ্মৰত।

ইমেইলঃ dipankar.lahkar@gmail.com

    1400
    2